ডবকাৰ যমুনা মৌডঙ্গা বনাঞ্চলত পুনৰ হ'ব উচ্ছেদ
হোজাই, ১০ জুন (হি.স.)। ডবকাৰ যমুনা মৌডঙ্গা বনাঞ্চলত পুনৰ হ''ব উচ্ছেদ। উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছত হাহাকাৰ! ৰাজ্যৰ আন তিনিখন সংৰক্ষিত বনাঞ্চলৰ সমান্তৰালকৈ ডবকাৰ যমুনা-মৌডঙ্গা বনাঞ্চলত পুনৰ চলিব উচ্ছেদ অভিযান। উল্লেখ্য যে চলিত বৰ্ষৰ জানুৱাৰী ম
ডবকাৰ যমুনা মৌডঙ্গা বনাঞ্চলত পুনৰ হ'ব উচ্ছেদ


হোজাই, ১০ জুন (হি.স.)। ডবকাৰ যমুনা মৌডঙ্গা বনাঞ্চলত পুনৰ হ'ব উচ্ছেদ। উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছত হাহাকাৰ!

ৰাজ্যৰ আন তিনিখন সংৰক্ষিত বনাঞ্চলৰ সমান্তৰালকৈ ডবকাৰ যমুনা-মৌডঙ্গা বনাঞ্চলত পুনৰ চলিব উচ্ছেদ অভিযান।

উল্লেখ্য যে চলিত বৰ্ষৰ জানুৱাৰী মাহত সংৰক্ষিত বনাঞ্চলত চলিছিল বৃহৎ উচ্ছেদ অভিযান

১০৯৮ টি পৰিয়ালক উচ্ছেদ কৰি ৭০০ হেক্টৰ ভুমি বেদখলমুক্ত কৰিছিল প্ৰশাসনে

কিন্তু বনাঞ্চলখনত বসবাস কৰা ১৫২ টি পৰিয়াল দাৰস্থ হৈছিল উচ্চ ন্যায়ালয়ৰ

সেইবাবে সাময়িকভাৱে ৰেহাই পাইছিল পৰিয়াল কেইটাই

কালি উচ্চ ন্যায়ালয়ে নিৰ্দেশনা জাৰি কৰাৰ পাছত এতিয়া হাহাকাৰ লাগিছে পৰিয়ালকেইটাৰ মাজত

অহা ত্ৰিশ দিনৰ ভিতৰত খালি কৰিব লাগিব বনাঞ্চলৰ ভুমি

জানিব পৰামতে এতিয়াও প্ৰায় ৭০ হেক্টৰ ভুমি আছে বেদখলকাৰীৰ কবলত

একাংশ লোকে ন্যায়ালৰ নিৰ্দেশনাৰ পাছত বনাঞ্চল খালি কৰিবলৈ প্ৰস্তুত হৈছে ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande