
নতুন দিল্লী, ১০ জুন (হি.স.)। কেন্দ্ৰীয় চৰকাৰে আহমেদাবাদ মেট্ৰ’ ৰে’ল প্ৰকল্প (কোটেশ্বৰ পথৰ পৰা বিমানবন্দৰ কৰিডৰ) ২এ পৰ্যায়ত অনুমোদন জনাইছে। ৬.০৩২ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই কৰিড’ৰটোত চাৰিটা উচ্চ আৰু এটা মাটিৰ তলৰ ষ্টেচনকে ধৰি পাঁচটা ষ্টেচন থাকিব। প্ৰকল্পৰ মুঠ ব্যয় ২,১৬৯.০৪ কোটি ₹ বুলি অনুমান কৰা হৈছে।
কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে বুধবাৰে ইয়াত কেবিনেটৰ সিদ্ধান্ত সন্দৰ্ভত সংবাদ মাধ্যমক অৱগত কৰি কয় যে প্ৰধানমন্ত্ৰীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে কোটেশ্বৰ পথ-বিমানবন্দৰ কৰিডৰত অনুমোদন জনাইছে। তেওঁ কয় যে ছয় কিলোমিটাৰ দৈৰ্ঘ্যৰ এই পথটোত পাঁচটা ষ্টেচন থাকিব আৰু ইয়াৰ আটাইতকৈ উল্লেখযোগ্য বৈশিষ্ট্য হ’ল ইয়াৰ দ্বাৰা বিমানবন্দৰটোক কমনৱেলথ গেমছৰ বাবে নিৰ্মাণ কৰা চৰ্দাৰ পেটেল স্প’ৰ্টছ এনক্লেভৰ সৈতে সংযোগ কৰা হ’ব। এই প্ৰকল্পটো চাৰি বছৰত সম্পূৰ্ণ কৰাৰ লক্ষ্য লোৱা হৈছে।
২এ পৰ্যায়ৰ অধীনত নিৰ্মাণ হ’বলগীয়া ষ্টেচনসমূহৰ ভিতৰত আছে আশ্ৰম পথ, কোটেশ্বৰ প্ৰাচীন মন্দিৰ, সাবৰমতী নদী, চৰ্দাৰ নগৰ, আৰু বিমানবন্দৰ ষ্টেচন। এই পৰ্যায় সম্পূৰ্ণ হোৱাৰ লগে লগে আহমেদাবাদ-গান্ধীনগৰত সক্ৰিয় মেট্ৰ’ নেটৱৰ্কৰ মুঠ দৈৰ্ঘ্য ৭৭.৬৩ কিলোমিটাৰলৈ বৃদ্ধি পাব।
চৰকাৰৰ মতে, এই প্ৰকল্পই বিমানবন্দৰ, আৱাসিক, আৰু বাণিজ্যিক অঞ্চলসমূহক উন্নত ৰাজহুৱা পৰিবহণৰ সৈতে সংযোগ কৰিব আৰু বৰ্তমানৰ আহমেদাবাদ-গান্ধীনগৰ মেট্ৰ’ নেটৱৰ্কৰ সৈতে নিৰৱচ্ছিন্ন সংযোগ নিশ্চিত কৰিব। ইয়াৰ ফলত নগৰীয়া গতিশীলতা সহজ হ’ব, পৰ্যটন আৰু ব্যৱসায়িক কাৰ্যকলাপ বৃদ্ধি পাব, আৰু বিশ্ব আৰক্ষী গেমছ ২০২৯ আৰু কমনৱেলথ গেমছ ২০৩০ৰ বাবেও ওচৰৰ ক্ৰীড়াৰ সুবিধাসমূহ গঢ়ি তোলাৰ আশা কৰা হৈছে।
চৰকাৰৰ মতে, এই প্ৰকল্পই অৰ্থনৈতিক কাৰ্যকলাপ বৃদ্ধি কৰিব, বিনিয়োগ আকৰ্ষণ কৰিব, আৰু কম উন্নত অঞ্চলত উন্নত প্ৰৱেশ নিশ্চিত কৰিব। তদুপৰি সামাজিক আৰু অৰ্থনৈতিক শ্ৰেণীৰ লোকসকলৰ বাবে ৰাজহুৱা পৰিবহণৰ সমান সুবিধাই জীৱনৰ মান উন্নত কৰিব।
আহমেদাবাদ মেট্ৰ’ ফেজ ২এৰ নিৰ্মাণৰ শীৰ্ষ সময়ছোৱাত প্ৰায় ২০০০ লোকৰ বাবে কৰ্মসংস্থাপন সৃষ্টি হোৱাৰ সম্ভাৱনা আছে, আনহাতে পৰিচালনা আৰু ৰক্ষণাবেক্ষণৰ সময়ত প্ৰায় ৫০০ লোকক প্ৰত্যক্ষভাৱে কৰ্মসংস্থাপন প্ৰদান কৰিব।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া