অলংকাৰ বজাৰত জিলিকিছে সোণ, ৰূপৰ দাম অপৰিৱৰ্তিত
নতুন দিল্লী, ১০ জুন (হি.স.)। আজি ঘৰুৱা অলংকাৰ বজাৰত সোণৰ মূল্যৰ আগতীয়া ব্যৱসায়ত উৰ্ধমুখী ধাৰা দেখা গৈছে। মূল্যবৃদ্ধিৰ বাবে চেন্নাইকে ধৰি সমগ্ৰ দেশৰ অন্যান্য অলংকাৰ বজাৰত সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১,৩৭০ টকাৰ পৰা ১,৪৯০₹ বৃদ্ধি পাইছে। চেন্নাইত সোণ
प्रतीकात्मक


নতুন দিল্লী, ১০ জুন (হি.স.)। আজি ঘৰুৱা অলংকাৰ বজাৰত সোণৰ মূল্যৰ আগতীয়া ব্যৱসায়ত উৰ্ধমুখী ধাৰা দেখা গৈছে। মূল্যবৃদ্ধিৰ বাবে চেন্নাইকে ধৰি সমগ্ৰ দেশৰ অন্যান্য অলংকাৰ বজাৰত সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১,৩৭০ টকাৰ পৰা ১,৪৯০₹ বৃদ্ধি পাইছে। চেন্নাইত সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১,৩৭০ টকাৰ পৰা ১,৪৪০ টকা বৃদ্ধি পায়। আনহাতে ৰূপৰ দাম আজিও অপৰিৱৰ্তিত হৈ আছে।

মূল্যবৃদ্ধিৰ বাবে দেশৰ অধিকাংশ অলংকাৰ বজাৰত ২৪ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১,৫৩,১৭০ টকাৰ পৰা ১,৫৪,৯২০ টকালৈ ব্যৱসায় কৰা হৈছে। আনহাতে ২২ কেৰেটৰ সোণ আজি প্ৰতি ১০ গ্ৰামত ১,৪০,৪১০ টকাৰ পৰা ১,৪২,০১০ টকাৰ ভিতৰত বিক্ৰী কৰা হৈছে। আজি ৰূপৰ মূল্যৰ কোনো পৰিৱৰ্তন নোহোৱাৰ বাবে এই চিকচিকিয়া ধাতুটো আজি দিল্লীৰ অলংকাৰ বজাৰত প্ৰতি কিলোগ্ৰামত ২,৫৯,৯০০ টকাত বিক্ৰী কৰা হৈছে।

আজি দিল্লীত ২৪ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১,৫৩,৩২০ টকা হোৱাৰ বিপৰীতে ২২ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১,৪০,৫৬০ টকা ৰেকৰ্ড কৰা হৈছে। আনহাতে দেশৰ বিত্তীয় ৰাজধানী মুম্বাইত ২৪ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ১,৫৩,১৭০ টকা আৰু ২২ কেৰেটৰ সোণৰ প্ৰতি ১০ গ্ৰাম ১,৪০,৪১০ টকাত বিক্ৰী হৈছে।

একেদৰে আহমেদাবাদত ২৪ কেৰেট সোণৰ খুচুৰা মূল্য প্ৰতি ১০ গ্ৰামত ১,৫৩,২২০ টকা আৰু প্ৰতি ১০ গ্ৰাম ২২ কেৰেট সোণৰ মূল্য ১,৪০,৪৬০ টকা।

এই ডাঙৰ চহৰসমূহৰ বাহিৰেও চেন্নাইত ২৪ কেৰেটৰ সোণৰ প্ৰতি ১০ গ্ৰামত ১,৫৪,৯২০ টকা আৰু প্ৰতি ১০ গ্ৰাম ২২ কেৰেট সোণ ১,৪২,০১০ টকাত বিক্ৰী কৰা হৈছে। একেদৰে কলকাতাত ২৪ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামত ১,৫৩,১৭০ টকা আৰু ২২ কেৰেট সোণৰ দৰ প্ৰতি ১০ গ্ৰামত ১,৪০,৪১০ টকা । ভূপালত ২৪ কেৰেট সোণৰ দাম প্ৰতি ১০ গ্ৰামত ১,৫৩,২২০ টকা, আনহাতে ২২ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১,৪০,৪৬০ টকা।

জয়পুৰত ২৪ কেৰেট সোণ প্ৰতি ১০ গ্ৰামত ১,৫৩,৩২০ টকা আৰু ২২ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰাম ১,৪০,৫৬০ টকাত বিক্ৰী কৰা হৈছে। পাটনাত ২৪ কেৰেট সোণৰ দাম প্ৰতি ১০ গ্ৰামত ১,৫৩,২২০ টকা, আনহাতে ২২ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১,৪০,৪৬০ টকা । লক্ষ্ণৌৰ অলংকাৰ বজাৰত ২৪ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামত ১,৫৩,৩২০ টকা আৰু প্ৰতি ১০ গ্ৰাম ২২ কেৰেট সোণ ১,৪০,৫৬০ টকাত বিক্ৰী কৰা হৈছে।

দেশৰ আন ৰাজ্যৰ দৰে আজিও কৰ্ণাটক, তেলেংগানা আৰু ওড়িশাৰ অলংকাৰ বজাৰত সোণৰ মূল্য বৃদ্ধি পাইছে। ৰাজ্যৰ তিনিখন ৰাজধানী বেংগালুৰু, হায়দৰাবাদ, আৰু ভুৱনেশ্বৰত ২৪ কেৰেটৰ সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১,৫৩,১৭০ ₹। একেদৰে এই তিনিখন চহৰৰ অলংকাৰ বজাৰত ২২ কেৰেটৰ সোণৰ প্ৰতি ১০ গ্ৰাম ১,৪০,৪১০ ₹ ত বিক্ৰী হৈছে।

-----------------

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande