
নতুন দিল্লী, ১০ জুন (হি.স.)। ভাৰতৰ ইতিহাসত সৰ্বাধিক দীৰ্ঘদিনীয়া নিৰ্বাচিত প্ৰধানমন্ত্ৰী হিচাপে পৰিগণিত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। বুধবাৰে তেওঁ ৪৩৯৯ দিন কাৰ্যভাৰ সম্পূৰ্ণ কৰি প্ৰাক্তন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ পূৰ্বৰ ৪৩৯৮ দিনৰ অভিলেখ অতিক্ৰম কৰে। ভাৰতীয় জনতা পাৰ্টিয়ে তেওঁক এই সাফল্যৰ বাবে অভিনন্দন জ্ঞাপন কৰে। বুধবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সাফল্যৰ বিষয়ে অৱগত কৰি বিজেপিৰ সভাপতি নীতিন নবীনে কয় যে আজি ভাৰতৰ গণতান্ত্ৰিক ইতিহাসৰ এক নতুন সোণালী অধ্যায়। দেশৰ সৰ্বাধিক দীৰ্ঘদিনীয়া নিৰ্বাচিত প্ৰধানমন্ত্ৰী হিচাপে পৰিগণিত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। ৪৩৯৯ দিনৰ এই অবিৰত সেৱাই তেওঁৰ জাতিৰ প্ৰতি অতুলনীয় সমৰ্পণৰ প্ৰতীক।
তেওঁ কয় যে প্ৰধানমন্ত্ৰীৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰে বিশ্বাস, উন্নয়ন আৰু জনকল্যাণৰ বাবে উৎসৰ্গিত হৈ ১২ বছৰ সম্পূৰ্ণ কৰিছে। সংকল্প সে সিদ্ধিৰ এই গৌৰৱময় সময়ছোৱাই ভাৰতৰ উন্নয়ন, নিৰাপত্তা, অৰ্থনৈতিক সৱলীকৰণ, আৰু বিশ্ব খ্যাতিৰ অভূতপূৰ্ব বৃদ্ধিৰ সাক্ষী হৈ আহিছে। প্ৰধানমন্ত্ৰী মোডীৰ নেতৃত্বত দেশত বহু ঐতিহাসিক পৰিৱৰ্তন দেখা গৈছে বুলিও নবীনে কয়। বিত্তীয় অন্তৰ্ভুক্তি, ডিজিটেল বিপ্লৱ, আৰু এক ৰাষ্ট্ৰ, এক কৰ ব্যৱস্থাই স্বচ্ছ আৰু জবাবদিহি শাসন ব্যৱস্থা শক্তিশালী কৰিছে। ইফালে প্ৰতিৰক্ষা খণ্ডত আত্মনিৰ্ভৰশীলতা, উৎপাদন প্ৰসাৰ, আধুনিক আন্তঃগাঁথনিৰ সম্প্ৰসাৰণে উন্নয়ন যাত্ৰাক নতুন গতি প্ৰদান কৰিছে। শ্ৰী ৰাম জন্মভূমি মন্দিৰৰ ভৱিষ্যৎ নিৰ্মাণ, ৩৭০ অনুচ্ছেদ বাতিল, কেইবাটাও সুদূৰপ্ৰসাৰী সিদ্ধান্ত দেশৰ আকাংক্ষা বাস্তৱায়িত কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে প্ৰমাণিত হৈছে।
বিজেপিৰ সভাপতি নীতিন নবীনে কয় যে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত উন্নত ভাৰত ২০৪৭ৰ সপোন বাস্তৱায়িত কৰাৰ বাবে জাতিৰ প্ৰতিজন নাগৰিকে এক সামূহিক সংকল্পৰে আগবাঢ়িছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া