বজালীৰ কঠালমূৰীঘাট (হলংবাৰী) ত ৰূপহী নদীত সন্ধানহীন মহিলাৰ মৃতদেহ উদ্ধাৰ
বজালী, ১০ জুন (হি.স.)। বজালীৰ কঠালমূৰীঘাট (হলংবাৰী) ত ৰূপহী নদীত সন্ধানহীন মহিলাৰ মৃতদেহ উদ্ধাৰ। মঙলবাৰে বজালীৰ কঠালমূৰীঘাট (হলংবাৰী) ত ৰূপহী নদীত সন্ধানহীন হৈছিল মনোৱাৰা বেগম নামৰ মহিলা গৰাকী। জানিব পৰা অনুসৰি যোৱাকালি দিনৰ ১ বজাত মাছ মাৰিবল
বজালীৰ কঠালমূৰীঘাট (হলংবাৰী) ত ৰূপহী নদীত সন্ধানহীন মহিলাৰ মৃতদেহ উদ্ধাৰ


বজালী, ১০ জুন (হি.স.)। বজালীৰ কঠালমূৰীঘাট (হলংবাৰী) ত ৰূপহী নদীত সন্ধানহীন মহিলাৰ মৃতদেহ উদ্ধাৰ।

মঙলবাৰে বজালীৰ কঠালমূৰীঘাট (হলংবাৰী) ত ৰূপহী নদীত সন্ধানহীন হৈছিল মনোৱাৰা বেগম নামৰ মহিলা গৰাকী।

জানিব পৰা অনুসৰি

যোৱাকালি দিনৰ ১ বজাত মাছ মাৰিবলৈ ৰূপহী নদীলৈ গৈছিল মহিলা গৰাকী। মাছ মাৰি থাকোতে নৈত সন্ধানহীন হৈ পৰিছিল মহিলাগৰাকীয়ে। তেতিয়াৰে পৰা স্থানীয় ৰাইজে তথা এছ ডি আৰ এফ বাহিনীৰ লোকে নেৰানেপেৰাকৈ নৈৰ বুকুত মহিলাগৰাকীৰ সন্ধান উলিওৱাৰ চেষ্টা কৰি আছিল যদিও যোৱাকালি মহিলাগৰাকীৰ কোনো সন্ধান উলিয়াব নোৱাৰিলে আৰু আজি পুৱা পুনৰ উদ্ধাৰ অভিযান আৰম্ভ কৰি মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰে।

আজি পুনৰ ৰাতিপুৱা ৭ বজাৰ পৰা ৰূপহী নদীত চলোৱা অভিযানত উদ্ধাৰ হয় মহিলা গৰাকী ।

মহিলা গৰাকীক পোৱাৰ পিছতে এক শোকাৱহ পৰিৱেশে বিৰাজ কৰিছে।

উদ্ধাৰ অভিযানত সহযোগ কৰা ধুমাৰপথাৰ আৰক্ষী আৰু এছ ডি আৰ এফ বাহিনীক কৃতজ্ঞতা ৰাইজৰ |

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande