বৰপেটাৰোডত ভূৱা প্ৰমাণপত্ৰ প্ৰস্তুতৰ সৈতে জৰিতৰ অভিযোগত আৰক্ষীৰ জালত পৰিল পিতা-পুত্ৰ
বৰপেটা, ১০ জুন (হি.স.)। বৰপেটাৰোডত ভূৱা প্ৰমাণপত্ৰ প্ৰস্তুতৰ সৈতে জৰিতৰ অভিযোগত আৰক্ষীৰ জালত পৰিল পিতা-পুত্ৰ | দুই পিতা-পুত্ৰ ক্ৰমে আক্কাছ আলী আহমেদ আৰু পুত্ৰ ছোৱেল ৰুবুলে গঢ়ি তুলিছিল ভূৱা প্ৰমাণপত্ৰ প্ৰস্তুত চক্ৰ | অবশেষত দুই পিতা-পুত্ৰ ক্ৰমে
বৰপেটাৰোডত ভূৱা প্ৰমাণপত্ৰ প্ৰস্তুতৰ সৈতে জৰিতৰ অভিযোগত আৰক্ষীৰ জালত পৰিল পিতা-পুত্ৰ


বৰপেটা, ১০ জুন (হি.স.)। বৰপেটাৰোডত ভূৱা প্ৰমাণপত্ৰ প্ৰস্তুতৰ সৈতে জৰিতৰ অভিযোগত আৰক্ষীৰ জালত পৰিল পিতা-পুত্ৰ |

দুই পিতা-পুত্ৰ ক্ৰমে আক্কাছ আলী আহমেদ আৰু পুত্ৰ ছোৱেল ৰুবুলে গঢ়ি তুলিছিল ভূৱা প্ৰমাণপত্ৰ প্ৰস্তুত চক্ৰ |

অবশেষত দুই পিতা-পুত্ৰ ক্ৰমে আক্কাছ আলী আহমেদ আৰু পুত্ৰ ছোৱেল ৰুবুলক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে |

শনিবাৰে সৰভোগ আৰক্ষীয়ে বৰপেটাৰোডৰ মাজগাৱত অৱস্থিত 'ইংলিছ ইডুকেশ্বন একাডেমী'ত অভিযান চলাই ভূৱা প্ৰমাণপত্ৰ প্ৰস্তুত চক্ৰৰে জৰিত আক্কাছ আলী আহমেদক গ্ৰেপ্তাৰ কৰিছিল |

আৰু অবশেষত আৰক্ষীৰ জেৰাত পিতৃয়ে স্বীকাৰ কৰিলে এই দূস্কাৰ্যৰ সৈতে তেওঁৰ পুত্ৰ ছোৱেল ৰুবুল জৰিত আছে |

সৰভোগৰ বৰনগৰ মহাবিদ্যালয়ত নামভৰ্তিৰ সময়ত এজন ছাত্ৰই ভূৱা প্ৰমাণপত্ৰ দাখিলৰ পিচতে ঘটনাটো পোহৰলৈ আহে |

মহাবিদ্যালয় কৰ্তৃপক্ষই বিষয়টো সৰভোগ আৰক্ষীক অৱগত কৰে |

আৰু আৰক্ষীৰ তদন্তত পোহৰলৈ আহে দুই পিতা-পুত্ৰই মিলি 'ইংলিছ ইডুকেশ্বন একাডেমী' নামৰ ভুৱা প্ৰতিষ্ঠানটোৰ জৰিয়তে অসমৰ বিভিন্ন স্কুল-কলেজৰ উত্তীৰ্ণৰ ভুৱা প্ৰমাণপত্ৰ প্ৰস্তুত কৰি নামনি অসমৰ একাংশ ছাত্ৰ-ছাত্ৰীক মোটা অংকৰ ধনৰ বিনিময়ত যোগান ধৰি আহিছিল।

বৰপেটা জিলাত ভুৱা নথিপত্ৰ আৰু শৈক্ষিক প্ৰমাণপত্ৰ প্ৰস্তুত কৰা বৃহৎ চক্ৰটোৰ বিৰুদ্ধে সৰভোগ আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰাখিছে ।

এই চক্ৰটোৰ পৰা কোনে কোনে প্ৰমাণপত্ৰ ক্ৰয় কৰিছিল সেই সকলৰ বিৰুদ্ধেও আৰক্ষীৰ তদন্ত অব্যাহত আছে ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande