
গোলাঘাট, ১০ জুন (হি.স.)। দেৰগাঁৱত পথ দুৰ্ঘটনা, বাহনৰ খুন্দাত ক্ৰীড়া সংগঠকৰ মৃত্যু। মঙলবাৰে নিশা দেৰগাঁৱৰ বুঢ়া গাঁৱত সংঘটিত এক মৰ্মান্তিক পথ দুৰ্ঘটনাত মোস্তাফা কুৰেছী নামৰ এজন ভলীবল ক্ৰীড়া সংগঠকৰ অকাল মৃত্যু হয়।
পত্নীৰ সৈতে খোজকাঢ়ি গৈ থকা অৱস্থাত কুৰালগুৰিৰ দিশৰ পৰা অহা এ এছ ০৩ এ জি ৮২৫০ নম্বৰৰ এখন তীব্ৰবেগী মাৰুতি এল্ট বাহনে তেওঁক পিছফালৰ পৰা প্ৰচণ্ড খুন্দা মৰাৰ ফলত থিতাতে তেওঁৰ মৃত্যু হয়।
দুৰ্ঘটনাটোৰ পাছতে চালকজন পলাই গৈ ওচৰৰ এটা ঘৰত আত্মগোপন কৰে। উত্তেজিত ৰাইজে বাসগৃহটো ঘেৰাও কৰাৰ লগতে পৰিস্থিতি উত্তপ্ত হৈ পৰে। পৰৱৰ্তী সময়ত দেৰগাঁও আৰক্ষী আৰু চি আৰ পি এফৰ এটা দলে ঘটনাস্থলীত উপস্থিত হৈ চালকজনক উদ্ধাৰ কৰি লৈ যায়। এগৰাকী ক্ৰীড়া সংগঠকৰ এনে অকাল বিয়োগত সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পৰিছে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু