
নগাঁও, ১০ জুন (হি.স.)। ধিঙত পুনৰ সংঘটিত হৈছে আন এক ভয়ংকৰ পথ দুৰ্ঘটনা। ধিং জাজৰি গড়কাপ্তানী পথৰ ভকত গাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত এজন কৃষক। থিতাতে নিহত লোকজন ধিঙৰ লহকৰৰ জয়নাল উদ্দিন ।
তীব্ৰবেগী বাইকৰ খুন্দাত ঠিতাতে নিহত হয় লোকজন । সংকটজনক অৱস্থাত বাইক চালক ৰিবুল ইছলামক ধিং এফ আৰ ইউ চিকিৎসালয়ত ভৰ্তি ।
দূৰ্ঘটনা সংঘটিত হোৱা বাইক খনৰ নম্বৰ এ এছ ০২এ এইছ ৩৩১৩।
ঘটনাৰ খবৰ লাভ কৰি ঘটনাস্থলিত ধিং আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে বাহন খন।
এই দুৰ্ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে সমগ্ৰ
ধিং অঞ্চলত ।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু