
গোলাঘাট, ১০ জুন (হি.স.)। আজি ১০ জুন । ১৯৭৪ চনৰ খাদ্য আন্দোলনত প্ৰাণ আহুতি দিয়া শ্বহীদ পুতুল শইকীয়া আৰু গজেন ইংতিৰ স্মৃতি দিৱস। সদৌ অসম ছাত্ৰ সন্থাই প্ৰতিবছৰে ১০ জুন তাৰিখতো ছাত্ৰ সংহতি দিৱস হিচাপে পালন কৰি আহিছে ।
আজি সদৌ গোলাঘাট জিলা ছাত্ৰ সন্থাৰ উদ্যোগত ব্ৰহ্মপুত্ৰ আঞ্চলিক ছাত্ৰ সন্থা আৰু ব্ৰহ্মপুত্ৰবাসী ৰাইজৰ আতিথ্যত ব্ৰহ্মপুত্ৰ অঞ্চলৰ চিৰিশটিকাত অনুষ্ঠিত হৈছে কেন্দ্ৰীয় ছাত্ৰ সংহতি দিৱস। হেজাৰ হেজাৰ লোকৰ সমাগমত মুখৰিত হৈছে অনুষ্ঠানস্থলী । আছুৰ মুখ্য উপদেষ্টা ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য,সভাপতি উৎপল শৰ্মা,সাধাৰণ সম্পাদক সমীৰণ ফুকনৰ লগতে বিভিন্ন জাতীয় সংগঠনৰ নেতৃত্ব উপস্থিত হৈছে কাৰ্যসূচীত । পতাকা উত্তোলন,শ্বহীদ তৰ্পন আৰু শ্ৰদ্ধাঞ্জলি কাৰ্যসূচীত হেজাৰোধিক শিল্পীয়ে পৰিবেশন কৰিব শ্বহীদ প্ৰণামো তোমাক। ব্ৰহ্মপুত্ৰ অঞ্চলৰ পাঁচ শতাধিক বয়োজ্যেষ্ঠ নাগৰিকে কৰিব বন্তি প্ৰজ্বলন। ব্ৰহ্মপুত্ৰ অঞ্চলৰ আকাশে-বতাহে নিনাদিত হৈছে জাতীয়তাবাদৰ জয়গান ।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা