বিজনী জিলা ইউপিপিএলৰ সভাপতি ফনীন বড়োৰ দেহাবসান
চিৰাঙ, ০১ জুন (হি.স.)। চিৰাঙৰ বিজনীৰ বড়োবাজাৰৰ কাতুৰীবাৰী নিৱাসী তথা বিজনী জিলা ইউপিপিএলৰ সভাপতি ফনীন বড়োৰ সোমবাৰে পুৱা ৭ বজাত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৫২ বছৰ। দীৰ্ঘদিন ধৰি বোন টিবি ত আক্ৰান্ত হৈ শেহতীয়াকৈ যকৃতৰ জটিল ৰোগত
বিজনী জিলা ইউপিপিএলৰ সভাপতি ফনীন বড়োৰ দেহাবসান


চিৰাঙ, ০১ জুন (হি.স.)।

চিৰাঙৰ বিজনীৰ বড়োবাজাৰৰ কাতুৰীবাৰী নিৱাসী তথা বিজনী জিলা ইউপিপিএলৰ সভাপতি ফনীন বড়োৰ সোমবাৰে পুৱা ৭ বজাত দেহাৱসান ঘটে।

মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৫২ বছৰ।

দীৰ্ঘদিন ধৰি বোন টিবি ত আক্ৰান্ত হৈ শেহতীয়াকৈ যকৃতৰ জটিল ৰোগত আক্ৰান্ত হৈ বঙাইগাঁওৰ ল'ৱাৰ অসম হাস্পতালত চিকিৎসাধীন অৱস্থাত মৃত্যু হয় ফনীন বড়োৰ।

বিজনী আঞ্চলিক এবছুৰ সভাপতি পদ অলংকৃত কৰি পৰৱৰ্তী সময়ত চিৰাং জিলা এবছুৰ সভাপতি আৰু কেন্দ্ৰীয় এবছুৰ মুখপাত্ৰ আছিল ফনীন বড়ো।

পৰৱৰ্তী সময়ত ছাত্ৰ সংগঠন ত্যাগ কৰি ফনীন বড়ো ৰাজনৈতিক জীৱন আৰম্ভ কৰি মৃত্যুৰ আগলৈকে বিজনী জিলা ইউপিপিএল ৰ সভাপতি আছিল।

মৃত্যুৰ সময়ত তেখেতে পত্নী এগৰাকী কন্যা সন্তান সহ অলেখ গুণমুগ্ধ লোকক ইহসংসাৰত এৰি থৈ যায়।

পিছত এখন পুষ্প সজ্জিত গাড়ীৰে ফনীন বড়োৰ নশ্বৰ দেহ বিজনী আঞ্চলিক এবছুৰ কাৰ্যালয়ত লৈ আহি এবছুৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক খনিন্দ্ৰ বসুমতাৰী, চিৰাং জিলা এবছুৰ সভাপতি দিলীপ বসুমতাৰী সহ এবছুৰ নেতৃবৃন্দই শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

ইয়াৰ পিছতে ফনীন বড়োৰ নশ্বৰ দেহ বিজনী জিলা ইউপিপিএল ৰ কাৰ্যালয়ত লৈ অহা হয়।

কাৰ্যালয়ত কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ জয়ন্ত বসুমতাৰী, ৰাজ্যসভাৰ সাংসদ ৰৌণগৌড়া নাৰ্জাৰী, ইউপিপিএল ৰ প্ৰতিষ্ঠাপক সভাপতি তথা প্ৰাক্তন মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম, ইউপিপিএল ৰ কেন্দ্ৰীয় সম্পাদক ৰাজু নাৰ্জাৰী, বিজনীৰ প্ৰাক্তন বিধায়ক কমলসিং নাৰ্জাৰী, বিজনী জিলা ইউপিপিএল ৰ ৰ সম্পাদক হোম প্ৰসাদ শৰ্মা সহ ইউপিপিএল ৰ কৰ্মকৰ্তা সকলে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande