
কামৰূপ, ০১জুন (হি.স.)। আমিনগাঁও শৰাইঘাট দলঙৰ তলত অঘটন। নদীত গা ধুবলৈ গৈ ব্ৰক্ষ্মপুত্ৰৰ বুকুত সন্ধানহীন দুজন কিশোৰ। আমিনগাঁও কালিবাৰীৰ ৰাজশেখৰ পাল(১৮) আৰু অনুজ যাদৱ (১৫) সন্ধানহীন । উৎকট গৰমৰ বাবে ৪ জন কিশোৰে ব্ৰহ্মপুত্ৰত সাতুৰিব যোৱাৰ সময়তে হয় অঘটন ।
সাতুৰি থকা অৱস্থাত ২ জন কিশোৰ ব্ৰহ্মপুত্ৰৰ কোবাল সোঁতত নিখোজ হৈ পৰে । ঘটনাস্থলীত উপস্থিত আমিনগাঁও আৰক্ষী। সন্ধানহীন কিশোৰক বিচাৰি ব্ৰহ্মপুত্ৰত অভিযান । ইফালে, নিখোজ হোৱা দুই কিশোৰক কেন্দ্ৰ কৰি আমিনগাঁৱত শোকাকুল পৰিবেশ ।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু