নুমলীগড়ৰ খাটৰচুক তিনিআলিত পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ
গোলাঘাট, ০১ জুন (হি.স.)। নুমলীগড় গ্ৰাম্য আৰক্ষী থানাৰ অধীনস্থ দৈগ্ৰোং খাটৰচুক তিনিআলিত সংঘটিত পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি কালি নিশা সৃষ্টি হই এক উত্তেজনাময় পৰিস্থিতিৰ। অভিযোগ অনুসৰি বন বিভাগৰ এখন বাহনে দুজন ব্যক্তিক মহতিয়াই পলায়ন কৰে। ঘটনাৰ পিছতে ক্
নুমলীগড়ৰ খাটৰচুক তিনিআলিত পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ


গোলাঘাট, ০১ জুন (হি.স.)। নুমলীগড় গ্ৰাম্য আৰক্ষী থানাৰ অধীনস্থ দৈগ্ৰোং খাটৰচুক তিনিআলিত সংঘটিত পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি কালি নিশা সৃষ্টি হই এক উত্তেজনাময় পৰিস্থিতিৰ। অভিযোগ অনুসৰি বন বিভাগৰ এখন বাহনে দুজন ব্যক্তিক মহতিয়াই পলায়ন কৰে। ঘটনাৰ পিছতে ক্ষুব্ধ ৰাইজে উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি কৰে।

ঘটনাস্থলীত উপস্থিত আৰক্ষী আৰু কৰ্তব্যৰত সাংবাদিককো দুৰ্ব্যৱহাৰ একাংশ লোকৰ। আৰক্ষীয়ে বহু চেষ্টাৰ অন্তত পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। দুয়োজন আঘাতপ্ৰাপ্ত বাইক আৰোহীক নিশাই গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande