শ্ৰীভূমিৰ শ্বৰীফনগৰত ১০ হাজাৰ ইয়াবা টেবলেটসহ গ্ৰেপ্তাৰ যুৱক
শ্ৰীভূমি, ০১ জুন (হি.স.)। শ্ৰীভূমিৰ শ্বৰীফনগৰত ১০ হাজাৰ ইয়াবা টেবলেটসহ গ্ৰেপ্তাৰ যুৱক। সোমবাৰে নিশা এক গোপন সূত্ৰৰ পম খেদি শ্ৰীভূমি সদৰ আৰক্ষীয়ে নিশা অভিযান চলাই বৃহৎ পৰিমাণৰ সন্দেহযুক্ত ইয়াবা টেবলেটসহ এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে আটক
শ্ৰীভূমিৰ শ্বৰীফনগৰত ১০ হাজাৰ ইয়াবা টেবলেটসহ গ্ৰেপ্তাৰ যুৱক


শ্ৰীভূমি, ০১ জুন (হি.স.)। শ্ৰীভূমিৰ শ্বৰীফনগৰত ১০ হাজাৰ ইয়াবা টেবলেটসহ গ্ৰেপ্তাৰ যুৱক। সোমবাৰে নিশা এক গোপন সূত্ৰৰ পম খেদি শ্ৰীভূমি সদৰ আৰক্ষীয়ে নিশা অভিযান চলাই বৃহৎ পৰিমাণৰ সন্দেহযুক্ত ইয়াবা টেবলেটসহ এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰে।

আৰক্ষীয়ে আটক কৰা নিষিদ্ধ ড্ৰাগছ সৰবৰাহকাৰী যুৱকৰ নাম হ'ল ছাবিৰ আহমেদ। শ্ৰীভূমিৰ পোৱামাৰা মেদল পাৰ্ট-১ এলেকাৰ বাসিন্দা আব্দুল শুক্কুৰৰ পুত্ৰ হ'ল ছাবিৰ আহমেদ।

ড্ৰাগছ সৰবৰাহকাৰী যুৱক ছাবিৰৰ লগত থকা এটা প্লাষ্টিকৰ মোনাত তালাচী চলাই আৰক্ষীয়ে ১০ হাজাৰ সন্দেহযুক্ত ইৱা টেবলেট উদ্ধাৰ কৰে।

আৰক্ষীয়ে দিয়া তথ্য অনুসৰি উদ্ধাৰ হোৱা টেবলেটসমূহৰ মুঠ ওজন প্ৰায় ১০৮১ গ্ৰাম।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande