চলিত বৰ্ষৰ মে’ মাহত শ্লীপাৰ নবীকৰণ কাৰ্যত ৰেকৰ্ড অগ্ৰগতি অৰ্জন তিনিচুকীয়া মণ্ডলৰ
মৰাণহাট-ডিব্ৰুগড় খণ্ডৰ সুৰক্ষা বৃদ্ধি গুৱাহাটী, ০১ জুন (হি.স.)। উত্তৰ-পূব সীমান্ত ৰেলৱেৰ তিনিচুকীয়া মণ্ডলে মে’ ২০২৬ মাহৰ সময়ছোৱাত আন্তঃগাঁথনি ৰক্ষণাবেক্ষণৰ দিশত সম্পূৰ্ণ শ্লীপাৰ নৱীকৰণ (টিএছআৰ) কাৰ্যৰ দ্বাৰা এক উল্লেখনীয় সফলতা লাভ কৰিবলৈ সক্ষম হ
চলিত বৰ্ষৰ মে’ মাহত শ্লীপাৰ নবীকৰণ কাৰ্যত ৰেকৰ্ড অগ্ৰগতি অৰ্জন তিনিচুকীয়া মণ্ডলৰ


মৰাণহাট-ডিব্ৰুগড় খণ্ডৰ সুৰক্ষা বৃদ্ধি

গুৱাহাটী, ০১ জুন (হি.স.)। উত্তৰ-পূব সীমান্ত ৰেলৱেৰ তিনিচুকীয়া মণ্ডলে মে’ ২০২৬ মাহৰ সময়ছোৱাত আন্তঃগাঁথনি ৰক্ষণাবেক্ষণৰ দিশত সম্পূৰ্ণ শ্লীপাৰ নৱীকৰণ (টিএছআৰ) কাৰ্যৰ দ্বাৰা এক উল্লেখনীয় সফলতা লাভ কৰিবলৈ সক্ষম হয়।

মৰাণহাট-ডিব্ৰুগড় খণ্ডত ট্ৰেক ৰিলেয়িং ট্ৰেইন (টিআৰটি) মেচিন ব্যৱহাৰ কৰি সৰ্বমুঠ ১০.৬১ কিলোমিটাৰৰ শ্লীপাৰ নবীকৰণ সফলতাৰে সম্পন্ন কৰা হৈছে, যি উক্ত মণ্ডলৰ সাম্প্ৰতিক সময়ছোৱাত এক অন্যতম উল্লেখযোগ্য কৃতিত্বৰূপে পৰিগণিত হৈছে।

উক্ত মাহটোত ৯টা নাইট ব্লকৰ সৈতে ২১টা ট্ৰেফিক ব্লকৰ জৰিয়তে এই সফলতা সম্ভৱপৰ হৈ উঠিছে। বিভিন্ন বিভাগৰ মাজত পাৰস্পৰিক সমন্বয়, মানৱ সম্পদ আৰু যন্ত্ৰপাতিৰ দক্ষ ব্যৱহাৰ, সুগম শ্বান্টিং পৰিচালন আৰু চিগনেল ও ওভাৰহেড ট্ৰেকচন সংক্ৰান্ত কামকাজসমূহৰ নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত হোৱা সম্পাদনে এই লক্ষ্য পূৰণ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।

শ্লীপাৰ নবীকৰণৰ কাম সফলতাৰে সম্পন্ন কৰাৰ পৰিণামস্বৰূপে উত্তৰ-পূব সীমান্ত ৰেলৱেৰ তিনিচুকীয়া মণ্ডলৰ মৰাণহাট-ডিব্ৰুগড় খণ্ডত ট্ৰেকৰ সুৰক্ষা আৰু পৰিচালন নিৰ্ভৰযোগ্যতা যথেষ্ঠ বৃদ্ধি হৈছে। নবীকৰণ কৰা এই ট্ৰেকৰ আন্তঃগাঁথনিয়ে ৰেলৰ সুগম চলাচল আৰু যাত্ৰীসকলৰ উন্নত ভ্ৰমণ অভিজ্ঞতা নিশ্চিত কৰি ৰেল ভ্ৰমণৰ সময়ত উত্তৰ-পূব সীমান্ত ৰেলৱেৰ দ্বাৰা সুৰক্ষা, দক্ষতা আৰু যাত্ৰী স্বাচ্ছন্দ্যৰ উচ্চ মানদণ্ড বজাই ৰখাৰ প্ৰতিশ্ৰুতিকেই পুনৰ সুদৃঢ় কৰি তুলিছে ।

হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী


 rajesh pande