শিলচৰত শ্ৰী শ্ৰী মাধৱদেৱৰ ৫৩৮ সংখ্যক আবিৰ্ভাৱ তিথি উলহ মালহেৰে পালন
কাছাৰ, ০১জুন (হি.স.)। সমগ্ৰ ৰাজ্যৰ লগতে আজি শিলচৰতো শ্ৰী শ্ৰী মাধৱদেৱৰ ৫৩৮ সংখ্যক আবিৰ্ভাৱ তিথি উলহ মালহেৰে পালন কৰা হৈছে। চাকৰি সূত্ৰে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা অসমীয়া লোক সকলে শিলচৰ বৰনামঘৰত উৎযাপন কৰিছে গুৰু জনাৰ আৱিৰ্ভাৱ তিথি। শিলচৰ চহৰৰ
শিলচৰত শ্ৰী শ্ৰী মাধৱদেৱৰ ৫৩৮ সংখ্যক আবিৰ্ভাৱ তিথি উলহ মালহেৰে পালন


কাছাৰ, ০১জুন (হি.স.)। সমগ্ৰ ৰাজ্যৰ লগতে আজি শিলচৰতো শ্ৰী শ্ৰী মাধৱদেৱৰ ৫৩৮ সংখ্যক আবিৰ্ভাৱ তিথি উলহ মালহেৰে পালন কৰা হৈছে। চাকৰি সূত্ৰে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা অসমীয়া লোক সকলে শিলচৰ বৰনামঘৰত উৎযাপন কৰিছে গুৰু জনাৰ আৱিৰ্ভাৱ তিথি। শিলচৰ চহৰৰ মাজমজিয়াত অৱস্থিত শিলচৰ বৰনামঘৰত পুৱাৰে পৰা ভাগৱত পাঠ, নাম প্ৰসংগ আৰু দিহানাম পৰিবেশন কৰি ভকত বাপ আই মাতৃ সকলে গুৰুজনাৰ আৱিৰ্ভাৱ তিথি পালন কৰে।

দিহা নামৰ শেষত মাহ প্ৰসাদ আৰু মহা প্ৰসাদো ভকত সকলৰ মাজত বিতৰণ কৰা হ'ব।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande