সামাজিত মাধ্যমত শিৱসাগৰ আৰু যোৰহাটৰ বাছ মালিক সকলৰ মাজত বিভাজন অনাৰ চেষ্টা একাংশৰ
শিৱসাগৰ, ০১জুন (হি.স.)। সামাজিত মাধ্যমত শিৱসাগৰ আৰু যোৰহাটৰ বাছ মালিক সকলৰ মাজত বিভাজন অনাৰ চেষ্টা একাংশৰ। শিৱসাগৰত বাছ মালিকৰ সংবাদমেল সম্বোধন। শিৱসাগৰ বাছ আস্থানত নতুন দুখন গাড়ীয়ে নিজৰ খেয়াল খুচীমতে বাছ চলাচল কৰাক কেন্দ্ৰ কৰি সৃষ্টি হৈছিল হু
সামাজিত মাধ্যমত শিৱসাগৰ আৰু যোৰহাটৰ বাছ মালিক সকলৰ মাজত বিভাজন অনাৰ চেষ্টা একাংশৰ


শিৱসাগৰ, ০১জুন (হি.স.)। সামাজিত মাধ্যমত শিৱসাগৰ আৰু যোৰহাটৰ বাছ মালিক সকলৰ মাজত বিভাজন অনাৰ চেষ্টা একাংশৰ। শিৱসাগৰত বাছ মালিকৰ সংবাদমেল সম্বোধন। শিৱসাগৰ বাছ আস্থানত নতুন দুখন গাড়ীয়ে নিজৰ খেয়াল খুচীমতে বাছ চলাচল কৰাক কেন্দ্ৰ কৰি সৃষ্টি হৈছিল হুলস্থূলীয়া পৰিৱেশৰ।

ৰমেন দাস নামৰ বাছৰ মালিকে পূৰ্বৰে পৰা চলি থকা বাছ সমূহৰ সৈতে সময়সূচী সন্দৰ্ভত আলোচনা নকৰাকৈ বিকাশ দাস নামৰ বাছ খন চলাচল কৰোৱাক কেন্দ্ৰ কৰি সৃষ্টি হৈছিল বিতৰ্ক।

প্ৰশাসনৰ হস্তক্ষেপত বিষয়টো সমাধান হয় যদিও বিষয়টোক কেন্দ্র কৰি সামাজিত মাধ্যমত একাংশই শিৱসাগৰ আৰু যোৰহাটৰ বাছ মালিক সকলৰ মাজত বিভাজন অনাৰ চেষ্টা কৰিছে বুলি মন্তব্য বাছ মালিক সকলৰ। বাছ ব্যৱসায়ত যথেষ্ট লোকচানৰ সন্মুখীন বুলি মন্তব্য কৰাৰ লগতে পৰিবহন বিভাগৰ নিৰ্দেশনা অনুসৰি সকলোকে বাছ চলাচল কৰিবলৈ সকলোকে আহ্বান জনায় বাছ মালিক সকলে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande