মহাপুৰুষ মাধৱদেৱৰ ৫৩৭ সংখ্যক জন্মোৎসৱ উপলক্ষে ঢেকীয়াখোৱা বৰনামঘৰত ভক্তৰ ঢল
যোৰহাট, ০১ জুন (হি.স.)। মহাপুৰুষ মাধৱদেৱৰ ৫৩৭ সংখ্যক জন্মোৎসৱ উপলক্ষে ঢেকীয়াখোৱা বৰনামঘৰত ভক্তৰ ঢল। মহাপুৰুষ মাধৱদেৱে প্ৰতিষ্ঠা কৰি থৈ যোৱা ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত আজি গুৰুজনাৰ ৫৩৭ সংখ্যক জন্মোৎসৱ ভক্তি-শ্ৰদ্ধাৰে উদযাপন কৰা হয়। পুৱাৰ পৰাই
মহাপুৰুষ মাধৱদেৱৰ ৫৩৭ সংখ্যক জন্মোৎসৱ উপলক্ষে ঢেকীয়াখোৱা বৰনামঘৰত ভক্তৰ ঢল


যোৰহাট, ০১ জুন (হি.স.)। মহাপুৰুষ মাধৱদেৱৰ ৫৩৭ সংখ্যক জন্মোৎসৱ উপলক্ষে ঢেকীয়াখোৱা বৰনামঘৰত ভক্তৰ ঢল।

মহাপুৰুষ মাধৱদেৱে প্ৰতিষ্ঠা কৰি থৈ যোৱা ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত আজি গুৰুজনাৰ ৫৩৭ সংখ্যক জন্মোৎসৱ ভক্তি-শ্ৰদ্ধাৰে উদযাপন কৰা হয়। পুৱাৰ পৰাই ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা অগণন ভক্তৰ সমাগমেৰে নামঘৰ চৌহদ উৎসৱমুখৰ পৰিৱেশেৰে মুখৰিত হৈ উঠে।

জন্মোৎসৱ উপলক্ষে পুৱা নাম-প্ৰসংগ, ভাগৱত পাঠ আদি বিভিন্ন ধৰ্মীয় কাৰ্যসূচী অনুষ্ঠিত হয়। ভক্তসকলে গুৰুজনাৰ আদৰ্শ আৰু একশৰণ নামধৰ্মৰ বাণী স্মৰণ কৰি প্ৰাৰ্থনা জনায়।

উৎসৱৰ এক বিশেষ আকৰ্ষণ হিচাপে ঢেকীয়াখোৱা অঞ্চলত এক বৰ্ণাঢ্য ভাগৱত শোভাযাত্ৰা উলিওৱা হয়। শোভাযাত্ৰাত শতাধিক ভক্তই ভাগ লয় আৰু ভগৱানৰ নাম-সংকীৰ্তনেৰে সমগ্ৰ অঞ্চল ভক্তিময় পৰিৱেশেৰে মুখৰিত কৰি তোলে। শোভাযাত্ৰাত ভক্তসকলে গুৰুজনাৰ মহান আদৰ্শ প্ৰচাৰৰ বাৰ্তা আগবঢ়ায়।

উল্লেখযোগ্য যে, মহাপুৰুষ মাধৱদেৱৰ জন্মোৎসৱ উপলক্ষে প্ৰতি বছৰে ঢেকীয়াখোৱা বৰনামঘৰত বৃহৎ পৰিসৰত বিভিন্ন ধৰ্মীয় আৰু সাংস্কৃতিক কাৰ্যসূচীৰ আয়োজন কৰা হয়। এইবাৰো উৎসৱত বহু সংখ্যক ভক্তৰ উপস্থিতিয়ে অনুষ্ঠানৰ গাম্ভীৰ্য আৰু মহত্ব অধিক বৃদ্ধি কৰে।। জন্মোৎসৱক কেন্দ্ৰ কৰি সমগ্ৰ ঢেকীয়াখোৱা অঞ্চলত এক আধ্যাত্মিক আৰু উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে।

---------------

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande