
নতুন দিল্লী, ০১ জুন (হি.স.)। সঞ্জয় লোহিয়াই সোমবাৰে বিত্তীয় সেৱা বিভাগৰ সচিব হিচাপে দায়িত্ব গ্ৰহণ কৰে। তেওঁ ৩১ মে’ত অৱসৰ গ্ৰহণ কৰা এম নাগাৰাজুৰ স্থানত স্থলাভিষিক্ত হৈছে ।
বিত্ত মন্ত্ৰালয়ৰ অধীনস্থ বিত্তীয় সেৱা বিভাগে এক্স-পোষ্টত এক বিবৃতি প্ৰকাশ কৰি কয় যে ১৯৯৪ বেচৰ ভাৰতীয় প্ৰশাসনিক সেৱাৰ (আই এ এছ) বিষয়া সঞ্জয় লোহিয়াই ডি এফ এছৰ সচিব হিচাপে দায়িত্ব গ্ৰহণ কৰিছে। এই নিযুক্তিৰ পূৰ্বে লোহিয়াই বিভাগটোত বিশেষ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
উল্লেখযোগ্য যে ১৯৯৪ বেচৰ অসম-মেঘালয় কেডাৰৰ আই এ এছ বিষয়া সঞ্জয় লোহিয়াই বিত্তীয় সেৱা বিভাগত যোগদান কৰাৰ পূৰ্বে খনি মন্ত্ৰালয়ৰ অতিৰিক্ত সচিব আছিল। তেওঁ অসমৰ মুখ্যমন্ত্ৰীৰ প্ৰধান সম্পাদক হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া