
নতুন দিল্লী, ০১ জুন (হি.স.)। কেন্দ্ৰীয় চৰকাৰে সোমবাৰে দেশত পেট্ৰ’ল-ডিজেলৰ পৰ্যাপ্ত মজুত থকা বুলি প্ৰকাশ কৰে। পশ্চিম এছিয়াত সংকটৰ মাজতো খাৰুৱা তেল, প্ৰাকৃতিক গেছ, আৰু তৰলীকৃত পেট্ৰলিয়াম গেছৰ (এল পি জি) যোগান বজাই ৰাখিবলৈ সক্ষম হৈছে ।
পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ যুটীয়া সচিব সুজাতা শৰ্মাই আন্তঃমন্ত্ৰালয়ৰ সংবাদমেলত উল্লেখ কৰে যে সমগ্ৰ দেশতে আমাৰ পেট্ৰল আৰু ডিজেলৰ পৰ্যাপ্ত মজুত আছে। কিন্তু কিছুমান অঞ্চলৰ পৰা পেট্ৰ’ল-ডিজেলৰ অস্বাভাৱিকভাৱে অধিক বিক্ৰী হোৱাৰ খবৰ আহিছে। যোৱা তিনিদিনত এল পি জিৰ সৈতে জড়িত ১০টা এফ আই আৰ পঞ্জীয়ন হোৱা আৰু তিনিজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে বুলিও তেওঁ উল্লেখ কৰে।
শৰ্মাই উল্লেখ কৰে যে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক নিৰীক্ষণ আৰু বলবৎকৰণ ব্যৱস্থা শক্তিশালী কৰিবলৈ অনুৰোধ কৰা হৈছে। তেল আৰু গেছৰ বিপণন কোম্পানীসমূহেও ৪৬০টা এল পি জি বিতৰকত আকস্মিক পৰিদৰ্শন কৰিছে, যাৰ ফলত ৪২টা এল পি জি বিতৰকক জৰিমনা বিহা হৈছে। শৰ্মাই কয় যে মাৰ্চ মাহৰ পৰা প্ৰায় ৮ লাখ ৫৬ হাজাৰ পিএনজি সংযোগ গেছৰ সৈতে সংযোগ কৰা হৈছে, ২ লাখ ৯৬ হাজাৰ সংযোগৰ বাবে অতিৰিক্ত আন্তঃগাঁথনি সৃষ্টি কৰা হৈছে, আৰু ৮ লাখ ৭৮ হাজাৰ নতুন গ্ৰাহক পঞ্জীয়ন কৰা হৈছে।
ৰাসায়নিক আৰু সাৰ মন্ত্ৰালয়ৰ সাৰ বিভাগৰ অতিৰিক্ত সচিব অপৰ্ণা এছ শৰ্মাই কয় যে বৰ্তমান খাৰিফ বতৰৰ বাবে সাৰৰ মজুত ৫১% ৰখা হৈছে, যিটো স্বাভাৱিক মাত্ৰা ৩৩%তকৈ যথেষ্ট বেছি। ইয়াৰ পৰা বুজা যায় যে চৰকাৰে ইতিমধ্যে ষ্টকপাইলিং আৰু লজিষ্টিক ফলপ্ৰসূভাৱে পৰিচালনা কৰিছে। ঘৰুৱা সাৰ উৎপাদন প্ৰায় ১০৪.৮১ লাখ মেট্ৰিক টন হৈছে, আৰু আমদানি প্ৰায় ২৭.৬২ লাখ মেট্ৰিক টন হৈছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া