গোলাঘাটত ছাত্ৰ-ছাত্ৰীৰ বাবে দুঃসাহসিক ক্ৰীড়া আৰু শাৰীৰিক সক্ষমতা বিকাশৰ প্ৰশিক্ষণ শিবিৰ ।
গোলাঘাট, ০১ জুন (হি.স.)। গোলাঘাটত ছাত্ৰ-ছাত্ৰীৰ বাবে দুঃসাহসিক ক্ৰীড়া আৰু শাৰীৰিক সক্ষমতা বিকাশৰ প্ৰশিক্ষণ শিবিৰ । ধনশিৰি অপেনষ্টুপ স্কাউট গাইডৰ উদ্যোগত পাঁচদিনিয়াকৈ এক শিবিৰ আৰম্ভ হৈছে৷ পাঁচ দিনীয়াকৈ গোলাঘাটৰ ৰপজ্যোতি নগৰ এমই স্কুলত অনুষ্ঠিত হোৱ
গোলাঘাটত ছাত্ৰ-ছাত্ৰীৰ বাবে দুঃসাহসিক ক্ৰীড়া আৰু শাৰীৰিক সক্ষমতা বিকাশৰ প্ৰশিক্ষণ শিবিৰ ।


গোলাঘাট, ০১ জুন (হি.স.)। গোলাঘাটত ছাত্ৰ-ছাত্ৰীৰ বাবে দুঃসাহসিক ক্ৰীড়া আৰু শাৰীৰিক সক্ষমতা বিকাশৰ প্ৰশিক্ষণ শিবিৰ । ধনশিৰি অপেনষ্টুপ স্কাউট গাইডৰ উদ্যোগত পাঁচদিনিয়াকৈ এক শিবিৰ আৰম্ভ হৈছে৷ পাঁচ দিনীয়াকৈ গোলাঘাটৰ ৰপজ্যোতি নগৰ এমই স্কুলত অনুষ্ঠিত হোৱা এই শিৱিৰত অসমৰ বিভিন্ন জিলাৰ উপৰিও উত্তৰ প্ৰদেশ, আৰু মধ্যপ্ৰদেশৰ ছাত্ৰছাত্ৰী কে ধৰি মুঠ চাৰিশ ছাত্ৰছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে । ছাত্ৰ-ছাত্ৰীৰ শাৰীৰিক আৰু মানসিক বিকাশৰ লক্ষ্যৰে এক বিশেষ দুঃসাহসিক ক্ৰীড়া প্ৰশিক্ষণ শিবিৰৰ আয়োজন কৰা হৈছে।

এই শিবিৰত ছাইক্লিং, ৰক ক্লাইম্বিং, লাইফ শ্বুটিং, জিপ লাইন আদি বিভিন্ন ধৰণৰ এক্টিভিটিৰ জৰিয়তে শিক্ষাৰ্থীসকলক প্ৰশিক্ষণ প্ৰদান কৰা হৈছে।আয়োজকসকলে কয় যে বৰ্তমান সময়ত মোবাইল ফোনৰ অত্যধিক ব্যৱহাৰৰ ফলত বহু যুৱক-যুৱতী আৰু শিক্ষাৰ্থী বেয়া অভ্যাস আৰু অনাকাংক্ষিত দিশলৈ ধাবিত হৈছে। সেই পৰিপ্ৰেক্ষিতত ছাত্ৰ-ছাত্ৰীৰ শাৰীৰিক সক্ষমতা বৃদ্ধি, আত্মবিশ্বাস গঢ়ি তোলা আৰু সুস্থ জীৱনশৈলীৰ প্ৰতি আগ্ৰহ সৃষ্টি কৰাৰ উদ্দেশ্যে এই দুঃসাহসিক ক্ৰীড়া কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে।শিবিৰখন সুকলমে পৰিচালনা কৰাৰ বাবে গুৱাহাটীৰ পৰা অভিজ্ঞ প্ৰশিক্ষকসকলক আমন্ত্ৰণ জনোৱা হৈছে। লগতে ভাৰত স্কাউটছ এণ্ড গাইডছৰ লগত জড়িত প্ৰশিক্ষক দিলীপ কুমাৰ সমাজদাৰ, জাহান আলী আদিয়েও প্ৰশিক্ষণত সহযোগিতা আগবঢ়াইছে।ইয়াৰ উপৰিও মধ্য প্ৰদেশৰ পাঁচমাৰীত অৱস্থিত ৰাষ্ট্ৰীয় প্ৰশিক্ষণ কেন্দ্ৰৰ বিশেষজ্ঞ প্ৰশিক্ষকসকলেও গোলাঘাটত উপস্থিত হৈ দুঃসাহসিক ক্ৰীড়া সম্পৰ্কীয় প্ৰশিক্ষণ প্ৰদান কৰিছে। তেওঁলোকৰ তত্বাৱধানত শিক্ষাৰ্থীসকলে বিভিন্ন কৌশল আয়ত্ত কৰাৰ সুযোগ লাভ কৰিছে।আয়োজকসকলৰ মতে, এই ধৰণৰ প্ৰশিক্ষণ শিবিৰে শিক্ষাৰ্থীসকলৰ মাজত সাহস, নেতৃত্বৰ গুণ, দলীয় মনোভাৱ আৰু শাৰীৰিক সক্ষমতা বৃদ্ধিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande