নলবাৰীত আছু নেতাক হত্য়াৰ ঘটনাক তীব্ৰ গৰিহণা আছুৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক সমীৰণ ফুকনৰ
নলবাৰী, ০১ জুন (হি.স.)। নলবাৰীত কালি সংঘটিত লোমহৰ্ষক আক্ৰমণত নিহত হোৱা সদৌ অসম ছাত্ৰ সন্থাৰ কৰ্মী মাধুৰ্য বৰ্মণ আৰু এগৰাকী ছাত্ৰী মৃদুমুদ্ৰা বৰ্মণ গুৰুতৰ ভাৱে আহত হোৱাক লৈ সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক সমীৰণ ফুকনে আজি শিৱসাগৰত তীব্ৰ
নলবাৰীত আছু নেতাক হত্য়াৰ ঘটনাক তীব্ৰ গৰিহণা আছুৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক সমীৰণ ফুকনৰ


নলবাৰী, ০১ জুন (হি.স.)। নলবাৰীত কালি সংঘটিত লোমহৰ্ষক আক্ৰমণত নিহত হোৱা সদৌ অসম ছাত্ৰ সন্থাৰ কৰ্মী মাধুৰ্য বৰ্মণ আৰু এগৰাকী ছাত্ৰী মৃদুমুদ্ৰা বৰ্মণ গুৰুতৰ ভাৱে আহত হোৱাক লৈ সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক সমীৰণ ফুকনে আজি শিৱসাগৰত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।

তেওঁ এই বৰ্বৰ আক্ৰমণক ধিক্কাৰ প্ৰদান কৰি এইয়া আইন-শৃংখলাৰ চূড়ান্ত অৱনতি বুলি উল্লেখ কৰি কয় যে প্ৰশাসন এই দিশত সম্পূৰ্ণ ব্যৰ্থ হৈছে।এইয়া কেৱল আছু কৰ্মীক আক্ৰমণৰ ঘটনা ঘটনা নহয় কিন্তু সাধাৰণ জনতাক সুৰক্ষা প্ৰদান কৰাত প্ৰশাসন ব্যৰ্থ হোৱা বুলিও ক্ষোভ প্ৰকাশ কৰে।

তেওঁ এই ঘটনাৰ সৈতে জড়িত দুই অভিযুক্তক অনতিপলমে কৰায়ত্ত কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিবলৈ দাবী জনোৱাৰ লগতে মৃত ছাত্র আৰু আহত ছাত্ৰী গৰাকীৰ পৰিয়ালক উচিত ক্ষতিপূৰণ দিয়াৰো দাবী উত্থাপন কৰে।

আনহাতে নিহত সদৌ অসম ছাত্র সন্থাৰ কৰ্মী গৰাকীয়ে উচিত ন্যায় নোপোৱা পৰ্যন্ত আছুৱে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি থাকিব বুলিও তেওঁ স্পষ্ট কৰি দিয়ে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande