
কামৰূপ, ০১ জুন (হি.স.)। দক্ষিণ কামৰূপত ১০ বছৰীয়া এগৰাকী শিশুক ধৰ্ষণ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা অভিযুক্ত আক্কাচ আলী (৪০) আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰোঁতে আৰক্ষীৰ গুলীত আহত হয়। আহত অৱস্থাত তেওঁক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় (জিএমচিএইচ)-ত ভৰ্তি কৰোৱা হৈছে।
কামৰূপ জিলাৰ আৰক্ষী অধীক্ষকে সোমবাৰে অনুষ্ঠিত এক সংবাদমেলত জনোৱা মতে, যোৱা নিশা গ্ৰেপ্তাৰ কৰা আক্কাচ আলীক আজি পুৱতি নিশা অধিক তদন্তৰ বাবে ছয়গাঁওলৈ লৈ যোৱা হৈছিল। পথত কুকুৰমাৰা নামৰ স্থানত তেওঁ আৰক্ষীৰ অস্ত্ৰ কাঢ়ি লোৱাৰ চেষ্টা কৰি গুলীচালনা কৰিবলৈ উদ্যত হয়। সেই সময়ত গুলী বাহনখনত আঘাত হানে।
পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে পাল্টা ব্যৱস্থা গ্ৰহণ কৰে আৰু আক্কাচ আলীৰ ভৰিত গুলী চলাই পুনৰ আটক কৰিবলৈ সক্ষম হয়। ঘটনাৰ পিছতে তেওঁক চিকিৎসাৰ বাবে জিএমচিএইচলৈ প্ৰেৰণ কৰা হয়।
ইফালে, ১০ বছৰীয়া শিশুক ধৰ্ষণ কৰাৰ অভিযোগত অঞ্চলজুৰি তীব্ৰ ক্ষোভৰ সৃষ্টি হৈছে। স্থানীয় উত্তেজিত লোকে দক্ষিণ কামৰূপত অভিযুক্তৰ বাসগৃহত ভাঙচুৰ চলোৱাৰো অভিযোগ উত্থাপিত হৈছে।
ঘটনাটোক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হৈছে যদিও আইন-শৃংখলা পৰিস্থিতি নিয়ন্ত্ৰণত ৰাখিবলৈ আৰক্ষীয়ে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰিছে। তদন্ত অব্যাহত আছে।
হিন্দুস্থান সমাচাৰ / শ্ৰীপ্ৰকাশ