ৰাজ্যসভাৰ ২৭খন আসন আৰু তিনিখন ৰাজ্যিক বিধান পৰিষদৰ মনোনয়ন প্ৰক্ৰিয়া আৰম্ভ
নতুন দিল্লী, ০১ জুন (হি.স.)। নিৰ্বাচন আয়োগে সোমবাৰে ৰাজ্যসভাৰ ২৭খন আসনৰ দ্বিবাৰ্ষিক নিৰ্বাচন আৰু উপ-নিৰ্বাচনৰ লগতে তিনিখন ৰাজ্যৰ ৰাজ্যিক বিধান পৰিষদৰ নিৰ্বাচনৰ বাবে অধিসূচনা জাৰি কৰে। ইয়াৰ লগে লগে আজিৰ পৰা আৰম্ভ হৈছে মনোনয়ন প্ৰক্ৰিয়া। ১০খন ৰা
प्रतीकात्मक चित्र


নতুন দিল্লী, ০১ জুন (হি.স.)। নিৰ্বাচন আয়োগে সোমবাৰে ৰাজ্যসভাৰ ২৭খন আসনৰ দ্বিবাৰ্ষিক নিৰ্বাচন আৰু উপ-নিৰ্বাচনৰ লগতে তিনিখন ৰাজ্যৰ ৰাজ্যিক বিধান পৰিষদৰ নিৰ্বাচনৰ বাবে অধিসূচনা জাৰি কৰে। ইয়াৰ লগে লগে আজিৰ পৰা আৰম্ভ হৈছে মনোনয়ন প্ৰক্ৰিয়া।

১০খন ৰাজ্যৰ ২৪খন ৰাজ্যসভাৰ আসনৰ বাবে দ্বিবাৰ্ষিক নিৰ্বাচন অনুষ্ঠিত হ’ব, আৰু মহাৰাষ্ট্ৰ, তামিলনাডু, আৰু ওড়িশাত এখনকৈ আসনৰ বাবে উপ-নিৰ্বাচন অনুষ্ঠিত হ’ব। বিহাৰ আৰু কৰ্ণাটকৰ বিধান পৰিষদৰ বাবে ক্ৰমে ৯ আৰু সাতখন আসনৰ বাবে দ্বিবাৰ্ষিক নিৰ্বাচন অনুষ্ঠিত হ’ব, আৰু বিহাৰৰ এখন বিধান পৰিষদৰ আসনৰ বাবে উপ-নিৰ্বাচন অনুষ্ঠিত হ’ব।

আয়োগৰ তথ্য অনুসৰি দ্বিবাৰ্ষিক আৰু উপ-নিৰ্বাচনৰ বাবে নিৰ্বাচন বিষয়া আৰু সহকাৰী নিৰ্বাচনী বিষয়া নিযুক্তি দিয়া হৈছে।

আজিৰ পৰা (১ জুন) নিৰ্বাচনৰ বাবে মনোনয়ন প্ৰক্ৰিয়া আৰম্ভ হৈছে, আৰু ৮ জুনত বিয়লি ৩ বজালৈকে মনোনয়ন দাখিল কৰিব পাৰিব। ৯ জুনত মনোনয়ন পত্ৰৰ পৰীক্ষা কৰা হ’ব। মনোনয়ন প্ৰত্যাহাৰৰ শেষ তাৰিখ ১১ জুন। ১৮ জুনত পুৱা ৮ বজাৰ পৰা বিয়লি ৪:০০ বজালৈ ভোটদান হ’ব আৰু সেইদিনা বিয়লি ৫:০০ বজাৰ পৰা ভোটগণনা কৰা হ’ব।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande