ডিব্ৰুগড়ৰ উপকন্ঠ অঞ্চল লাহোৱালৰ জগন্নাথ মন্দিৰৰ সন্মুখত কৰুণ দুৰ্ঘটনা ।
লাহোৱালত গছ বাগৰি যুৱকৰ মৃত্যু
ডিব্ৰুগড়ৰ উপকন্ঠ অঞ্চল লাহোৱালৰ জগন্নাথ মন্দিৰৰ সন্মুখত কৰুণ দুৰ্ঘটনা ।


ডিব্ৰুগড়, ১ জুন (হি.স.)। ডিব্ৰুগড়ৰ উপকন্ঠ অঞ্চল লাহোৱালত শোকাৱহ দুৰ্ঘটনা। লাহোৱালৰ জগন্নাথ মন্দিৰৰ সন্মুখত এই দুৰ্ঘটনাটো সংঘটিত হয় । নিশা অহা এজাক প্ৰচণ্ড,বতাহ ধুমুহাৰ ফলত এজোপা গছ উভালি পৰি অকাল মৃত্যু হয় এজন ২২ বছৰীয়া যুৱক।

যুৱকজনৰ নাম সঞ্জয় তাঁতী। ৩৭ নং, ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত ৰেলৱে মাটিত অস্থায়ী হিচাপে বসবাস কৰা সঞ্জয় তাঁতী ঘৰৰ ওপৰত এজোপা প্ৰকাণ্ড গছ উভালি পৰাত কৰুণ এই দুৰ্ঘটনাটি সংঘটিত হয়। স্থানীয় ৰাইজৰ লগতে আৰক্ষীয়ে যুৱকজনক জৰুৰীভাৱে অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিছিল যদিও চিকিৎসকে মৃত্যু হোৱা বুলি প্ৰকাশ কৰে। যুৱকজনৰ অকাল মৃত্যুত এক শোকৰ ছাঁ পৰিছে লাহোৱাল অঞ্চলত।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande