৩ জুনৰ পৰা আৰ বি আইৰ মুদ্ৰানীতি পৰ্যালোচনা বৈঠক, ৰেপ’ ৰেট অপৰিৱৰ্তিত থকাৰ সম্ভাৱনা
নতুন দিল্লী, ০১ জুন (হি.স.)। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ছয়জনীয়া মুদ্ৰানীতি সমিতিৰ তিনিদিনীয়া পৰ্যালোচনা বৈঠক ৩ জুনৰ পৰা ৫ জুনলৈ অনুষ্ঠিত হ’ব। আৰ বি আইৰ গৱৰ্ণৰ সঞ্জয় মালহোত্ৰাই ৫ জুনত এই নীতিৰ সিদ্ধান্ত ঘোষণা কৰিব। বিশেষজ্ঞসকলৰ মতে, পশ্চিম এছিয়াৰ স
आरबीआई के लोगो का प्रतीकात्मक चित्र


নতুন দিল্লী, ০১ জুন (হি.স.)। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ছয়জনীয়া মুদ্ৰানীতি সমিতিৰ তিনিদিনীয়া পৰ্যালোচনা বৈঠক ৩ জুনৰ পৰা ৫ জুনলৈ অনুষ্ঠিত হ’ব। আৰ বি আইৰ গৱৰ্ণৰ সঞ্জয় মালহোত্ৰাই ৫ জুনত এই নীতিৰ সিদ্ধান্ত ঘোষণা কৰিব।

বিশেষজ্ঞসকলৰ মতে, পশ্চিম এছিয়াৰ সংকট আৰু ভূ-ৰাজনৈতিক উত্তেজনা, মুদ্ৰাস্ফীতিৰ উদ্বেগ, আৰু টকাৰ ওপৰত হেঁচা থকাৰ বাবে মুম্বাইত অনুষ্ঠিত হ’বলগীয়া এই বৈঠকত আৰ বি আইয়ে ৰেপ’ ৰেট ৫.২৫% অপৰিৱৰ্তিত ৰাখিব পাৰে।

অৰ্থনৈতিক বিশেষজ্ঞসকলে কয় যে এমপিচিয়ে মূল সুতৰ হাৰ ৰেপো হাৰৰ কোনো পৰিৱৰ্তন কৰাৰ আশা কৰা হোৱা নাই। শক্তিৰ বৰ্ধিত মূল্য, দুৰ্বল হৈ অহা টকা, যোগান শৃংখলৰ ব্যাঘাতৰ ফলত আৰ বি আইয়ে মুদ্ৰাস্ফীতিৰ পূৰ্বাভাস বৃদ্ধি কৰিব পাৰে।

মন কৰিবলগীয়া যে এপ্ৰিল মাহৰ মুদ্ৰা পৰ্যালোচনাত আৰ বি আইয়ে শক্তি যোগান, মুদ্ৰাস্ফীতি আৰু অৰ্থনৈতিক বৃদ্ধিৰ ওপৰত পশ্চিম এছিয়াৰ সংঘাতৰ প্ৰভাৱৰ মূল্যায়নৰ বাবে চোৱা আৰু অপেক্ষা কৰা পদ্ধতি গ্ৰহণ কৰি ৰেপ' হাৰ ৫.২৫% অপৰিৱৰ্তিত ৰাখিছিল।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande