অসমত ইউচিচি ৰ প্ৰয়োগৰ বিৰোধিতাৰে সোমবাৰে ডিফুত প্ৰতিবাদ
কাৰ্বিআংলং, ০১ জুন (হি.স.)। অসমত ইউচিচি ৰ প্ৰয়োগৰ বিৰোধিতাৰে সোমবাৰে ডিফুত প্ৰতিবাদ সাব্যস্ত কৰে অল পাৰ্টী হিলচ লিডাৰচ কনফাৰেঞ্চ (APHLC) দলে। উক্ত প্ৰতিবাদৰ জৰিয়তে ৰাজ্যৰ তিনি পাৰ্বত্য জিলাক সামৰি শীঘ্ৰে এখন স্বায়ত্তশাসিত ৰাজ্য গঠন কৰাৰ দাবী
অসমত ইউচিচি ৰ প্ৰয়োগৰ বিৰোধিতাৰে সোমবাৰে ডিফুত প্ৰতিবাদ


কাৰ্বিআংলং, ০১ জুন (হি.স.)। অসমত ইউচিচি ৰ প্ৰয়োগৰ বিৰোধিতাৰে সোমবাৰে ডিফুত প্ৰতিবাদ সাব্যস্ত কৰে অল পাৰ্টী হিলচ লিডাৰচ কনফাৰেঞ্চ (APHLC) দলে।

উক্ত প্ৰতিবাদৰ জৰিয়তে ৰাজ্যৰ তিনি পাৰ্বত্য জিলাক সামৰি শীঘ্ৰে এখন স্বায়ত্তশাসিত ৰাজ্য গঠন কৰাৰ দাবী জনোৱাৰ উপৰি ষষ্ঠ অনুসূচীৰ অঞ্চলত পঞ্চায়তীৰাজ ব্যৱস্থা প্ৰৱৰ্তনৰ বিৰোধিতা কৰে। লগতে ষষ্ঠ অনুসূচীৰ ২(৭) পাৰাগ্ৰাফ অনুসৰি শীঘ্ৰে নতুন ভোটাৰ তালিকা প্ৰস্তুত কৰিবলৈ দাবী জনোৱা হয়।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande