পাহৰনি গৰ্ভত ঐতিহাসিক ডিব্ৰুগড় টাউন ৰেলৱে ষ্টেচন
ডিব্ৰুগড়, ০১ জুন (হি.স.)। পাহৰনি গৰ্ভত ঐতিহাসিক ডিব্ৰুগড় টাউন ৰেলৱে ষ্টেচন। পাহৰণি গৰ্ভলৈ গতি কৰিছে উত্তৰ পূৱ ভাৰতৰ এটা ঐতিহাসিক ৰেলৱে ষ্টেচন।ডেৰ শ বছৰৰো অধিক পুৰণি এটা ৰেলৱে ষ্টেচন যেন ক্ৰমান্বয়ে নোহোৱা হবলৈ গৈ আছে ৰেলৱেৰ ইতিহাসৰ পৰা।
পাহৰনি গৰ্ভত ঐতিহাসিক ডিব্ৰুগড় টাউন ৰেলৱে ষ্টেচন


ডিব্ৰুগড়, ০১ জুন (হি.স.)। পাহৰনি গৰ্ভত ঐতিহাসিক ডিব্ৰুগড় টাউন ৰেলৱে ষ্টেচন।

পাহৰণি গৰ্ভলৈ গতি কৰিছে উত্তৰ পূৱ ভাৰতৰ এটা ঐতিহাসিক ৰেলৱে ষ্টেচন।ডেৰ শ বছৰৰো অধিক পুৰণি এটা ৰেলৱে ষ্টেচন যেন ক্ৰমান্বয়ে নোহোৱা হবলৈ গৈ আছে ৰেলৱেৰ ইতিহাসৰ পৰা।

ডিব্ৰুগড় টাউন ৰেলৱে ষ্টেচন ১৮৮২ চনতেই স্হাপন কৰা হৈছিল এই ষ্টেচনটো।উত্তৰ পূৱ ভাৰতৰ এটা অতি ব্যস্ত ৰেল ষ্টেচন হিচাবেই পৰিচিত আছিল এই ষ্টেচনটো। ৰাজধানীকে ধৰি দৈনিক বহুকেইখন ৰেল চলিছিল এই ষ্টেচনৰ পৰা।দৈনিক সহস্ৰাধিক যাত্ৰী আহযাহ কৰিছিল এই ষ্টেচনৰ পৰা।কিন্তু তেনে এটা ব্যস্ত ঐতিহাসিক ৰেলৱে ষ্টেচন আজি পৰিত্যক্ত অবস্থালৈ গতি কৰিছে।বিগত প্ৰায় তিনি বছৰে এই ষ্টেচনৰ পৰা চলা নাই এখনো ৰেল।উল্লেখযোগ্য যে আজি কিছু বছৰৰ পূৰ্বে ডিব্ৰুগড় বানীপুৰত ডিব্ৰুগড় ৰেল ষ্টেচনটো নতুনকৈ নিৰ্মাণ কৰাত সকলো বিলাক ৰেলৰ যাত্ৰা লৈ যোৱা হল উক্ত ষ্টেচনলৈ । ক্ৰমান্বয়ে ডিব্ৰুগড় টাউন ষ্টেচনৰ পৰা ৰেল চলাচল একেবাৰে সীমিত হৈ পৰিল আৰু বিগত প্ৰায় তিনি বছৰ ষ্টেচনটোৰ পৰা এখনো ৰেল চলাচল কৰা নাই।ফলত ষ্টেচনটো এক পৰিত্যক্ত স্হানলৈ পৰিনত হৈছে।এসময়ত দিনে নিশাই যাত্ৰীৰে ঠাহ খাই থকা ষ্টেচনটো আজি নিমাওমাও অবস্থা।

জহি খহি গৈছে প্লেটফৰ্ম,টিকত ঘৰ,যাত্ৰীৰ জীৰণিকোঠাকে ধৰি প্ৰায় সকলো আন্তঃগাঁঠনি।পৰিত্যক্ত হৈ ৰৈছে বৃহৎ ৰেল মেৰামতি কাৰখানাটো।হাবি বনে পুতি পেলাইছে ৰেল লাইন সমূহ।ৰেল বিভাগৰ অবহেলাৰ বাবে এটা ঐতিহাসিক ৰেলৱে ষ্টেচন পাহৰণিৰ গৰ্ভত হেৰাই যোৱাৰ উপক্ৰম হৈছে। অৱশ্যে সম্প্ৰতি ৰেল বিভাগৰ বৈদ্যুতিক লাইনৰ সম্প্ৰসাৰণৰ কাম এই ষ্টেচনলৈও সম্প্ৰসাৰণ কৰা হৈছে যদিও সেয়া কিমানদূৰ বাস্তবায়িত হয় সেয়া সময়ে কব। কিন্তু সকলোৰেই মনত প্ৰশ্ন কি হব ঐতিহাসিক ডিব্ৰুগড় টাউন ৰেলৱে ষ্টেচনৰ ভৱিষ্যত।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande