ভাতনাপাইতি মহিশখুটি উচ্চ মাধ্যমিক বিদ্যালয়ৰ নৱনিৰ্মিত ভৱনটোত দুৰ্বৃত্তৰ ক্ষতিসাধন
বৰপেটা, ০১ জুন (হি.স.)। বৰপেটা জিলাৰ চেঙা সমষ্টিৰ ভাতনাপাইতি মহিশখুটি উচ্চ মাধ্যমিক বিদ্যালয়ৰ নৱনিৰ্মিত ভৱনটো দুৰ্বৃত্তই ক্ষতিসাধন কৰা ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে অঞ্চলটোত। প্ৰায় ১ কোটি ৬০ লাখ টকা ব্যয় কৰি আটকধুনীয়াকৈ নিৰ্মাণ কৰ
ভাতনাপাইতি মহিশখুটি উচ্চ মাধ্যমিক বিদ্যালয়ৰ নৱনিৰ্মিত ভৱনটোত দুৰ্বৃত্তৰ ক্ষতিসাধন


বৰপেটা, ০১ জুন (হি.স.)। বৰপেটা জিলাৰ চেঙা সমষ্টিৰ ভাতনাপাইতি মহিশখুটি উচ্চ মাধ্যমিক বিদ্যালয়ৰ নৱনিৰ্মিত ভৱনটো দুৰ্বৃত্তই ক্ষতিসাধন কৰা ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে অঞ্চলটোত। প্ৰায় ১ কোটি ৬০ লাখ টকা ব্যয় কৰি আটকধুনীয়াকৈ নিৰ্মাণ কৰা বিদ্যালয় ভৱনৰ দুৱাৰ, খিৰিকী, টয়লেট ভাঙি লণ্ডভণ্ড কৰে দুৰ্বৃত্তৰ দলে ।

নৱনিৰ্মিত বিদ্যালয় ভৱনৰ বৈদ্যুতিকৰণ কৰা সামগ্ৰীও ভাঙি লণ্ডভণ্ড কৰাৰ লগতে আচবাব পত্ৰৰো ক্ষতিসাধন কৰিছে । ঘটনাক লৈ ইতিমধ্যে বিদ্যালয়খনৰ প্ৰধান শিক্ষকে আলোপতিচৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে। দুৰ্বৃত্তৰ এনে কৰ্মকাণ্ডত তীব্ৰ ক্ষোভ ব্যক্ত কৰি শীঘ্ৰে দুৰ্বৃত্তৰ দলটোক গ্ৰেপ্তাৰ কৰিবলৈ আৰক্ষী প্ৰশাসনক দাবী জনাইছে স্থানীয় লোকে । এনে সমাজ বিৰোধী কাৰ্যই অঞ্চলটোৰ শৈক্ষিক বিনষ্ট কৰিব বুলি ক্ষোভ ব্যক্ত কৰিছে অঞ্চলবাসীয়ে। এইক্ষেত্ৰত আলোপতিচৰ আৰক্ষীক কঠোৰ পদক্ষেপ লবলৈ দাবী জনাইছে স্থানীয় লোকে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande