নলবাৰীৰ লাভ জেহাদৰ ঘটনাৰ মূল অভিযুক্ত ৰোজ আলীৰ এনকাউন্টাৰত মৃত্যু
নলবাৰী, ০১ জুন (হি.স.)। নলবাৰী জিলাৰ লাভ জেহাদৰ ঘটনাৰ অভিযুক্ত আছিফ খান ওৰফে ৰোজ আলীৰ মুকালমুৱা চৰত এনকাউণ্টাৰ কৰা হয়। প্ৰথমতে আৰক্ষীৰ গুলীত আঘাতপ্ৰাপ্ত হয় ৰোজ আলী। আহত ৰোজ আলীক নলবাৰী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ নিয়া হৈছিল। কিন্তু চিকিৎসালয়ল
নলবাৰীৰ লাভ জেহাদৰ ঘটনাৰ মূল অভিযুক্ত ৰোজ আলীৰ এনকাউন্টাৰত মৃত্যু


নলবাৰী, ০১ জুন (হি.স.)। নলবাৰী জিলাৰ লাভ জেহাদৰ ঘটনাৰ অভিযুক্ত আছিফ খান ওৰফে ৰোজ আলীৰ মুকালমুৱা চৰত এনকাউণ্টাৰ কৰা হয়। প্ৰথমতে আৰক্ষীৰ গুলীত আঘাতপ্ৰাপ্ত হয় ৰোজ আলী। আহত ৰোজ আলীক নলবাৰী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ নিয়া হৈছিল। কিন্তু চিকিৎসালয়লৈ নিয়াৰ সময়তে মৃত্যু হয় লম্পট চৰিত্ৰৰ হত্যাকাৰী যুৱকজনৰ।

উল্লেখ্য যে আৰক্ষীয়ে ৰোজ আলীক বিচাৰি অভিযান অব্যাহত ৰাখিছিল। মুকালমুৱা চৰত আত্মগোপন কৰি আছিল লাভ জেহাদী হত্যাকাৰী ৰোজ আলীয়ে। আৰক্ষীৰ অভিযানৰ উমান পাই পলাবলৈ লৈছিল ৰোজ আলীয়ে। সেই সময়তে আৰক্ষীয়ে ৰোজ আলীৰ ভৰিলৈ লক্ষ্য কৰি গুলীচালনা কৰে। আৰক্ষীৰ গুলীচালনাত দেহত গুলী লাগে ৰোজ আলীৰ। পিছত চিকিৎসালয়লৈ লৈ যোৱাৰ পথত মৃত্যু হয় অভিযুক্তজনৰ।

উল্লেখ্য যে নলবাৰীৰ গংগাপুৰত দেওবাৰে ফুটগধুলিতে ৰাজপথত চোকা অস্ত্ৰৰে মাধুৰ্য বৰ্মন আৰু মৃদুমুদ্ৰা ডেকাক আক্ৰমণ কৰিছিল ২ দুৰ্বৃত্তই। গংগাপুৰলৈ মোমায়েকৰ ঘৰলৈ আহিছিল চামতাৰ মাধুৰ্য। ভনীয়েক মৃদুমুদ্ৰাৰ সৈতে কিতাপ কিনিবলৈ স্কুটীৰে নলবাৰীলৈ গৈছিল মাধুৰ্য। নলবাৰী চহৰৰ পৰা ওভতাৰ পথত গংগাপুৰৰ দলঙৰ ওপৰত দুয়োকে বাট আগচি ধৰে দুৰ্বৃত্তৰ দলে। দুৰ্বৃত্তৰ দলে যুৱতীগৰাকীক অপহৰণৰ চেষ্টা কৰাৰ সময়তে বাধা দিয়া মাধুৰ্যক উপৰ্যুপৰি আক্ৰমণ কৰে। লগতে যুৱতীগৰাকীকো চোকা অস্ত্ৰৰে আক্ৰমণ কৰি পলায়ন কৰে দুই দুৰ্বৃত্তই।

হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী


 rajesh pande