জল গৱেষণাক প্ৰসাৰিত কৰাৰ বাবে ‘মহা অন ৱাটাৰ’ কাৰ্যসূচী আৰম্ভ, ইছৰোৰ সৈতে বুজাবুজি চুক্তি
নতুন দিল্লী, ০১ জুন (হি.স.)। দেশৰ জলসম্পদ ব্যৱস্থাপনা, খোৱাপানী সুৰক্ষা, আৰু জল সংৰক্ষণৰ ক্ষেত্ৰত গৱেষণা আৰু উদ্ভাৱন ত্বৰান্বিত কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে ‘মিছন ফৰ এডভান্সমেণ্ট অৱ হাই-ইমপেক্ট এৰিয়াছ ফৰ ৱাটাৰ’ (মহা অন ৱাটাৰ) কাৰ্যসূচী আৰম্ভ কৰিছে।
नई दिल्ली में आयोजित ‘जल में अनुसंधान एवं विकास’ राष्ट्रीय कार्यशाला के दौरान ‘महा ऑन वाटर’ मिशन का शुभारंभ करते केंद्रीय जल शक्ति मंत्री सी.आर. पाटिल और केंद्रीय मंत्री डॉ. जितेंद्र सिंह।


নতুন দিল্লী, ০১ জুন (হি.স.)। দেশৰ জলসম্পদ ব্যৱস্থাপনা, খোৱাপানী সুৰক্ষা, আৰু জল সংৰক্ষণৰ ক্ষেত্ৰত গৱেষণা আৰু উদ্ভাৱন ত্বৰান্বিত কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে ‘মিছন ফৰ এডভান্সমেণ্ট অৱ হাই-ইমপেক্ট এৰিয়াছ ফৰ ৱাটাৰ’ (মহা অন ৱাটাৰ) কাৰ্যসূচী আৰম্ভ কৰিছে। এই অভিলাষী পদক্ষেপৰ অধীনত জল শক্তি মন্ত্ৰালয় আৰু নেশ্যনেল ৰিচাৰ্চ ফাউণ্ডেচনে (এএনআৰএফ) যৌথভাৱে ₹২০০ কোটি বিনিয়োগ কৰিব।

জল শক্তি মন্ত্ৰালয়ৰ উদ্যোগত সোমবাৰে নতুন দিল্লীৰ ড° আম্বেদকাৰ আন্তঃৰাষ্ট্ৰীয় কেন্দ্ৰত জল খণ্ডৰ গৱেষণা আৰু উন্নয়নৰ ওপৰত ৰাষ্ট্ৰীয় কৰ্মশালাৰ আয়োজন কৰা হয়। কেন্দ্ৰীয় জল শক্তি মন্ত্ৰী চি আৰ পাটিল আৰু বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী ড° জিতেন্দ্ৰ সিঙে যৌথভাৱে উদ্বোধন কৰে কৰ্মশালাখন। এই উপলক্ষ্যত জল শক্তি ৰাজ্যিক মন্ত্ৰী ৰাজ ভূষণ চৌধুৰী আৰু ভি. সোমন্নাও উপস্থিত আছিল।

কাৰ্যসূচীলৈ ষ্টাৰ্টআপ আৰু সুক্ষ্ম, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ (এমএছএমই)ক উৎসাহিত কৰিবলৈ কোম্পানী আৰু ষ্টাৰ্টআপসমূহক পণ্য আৰু প্ৰ’ট’টাইপ বিকাশত অংশগ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনোৱা হৈছে। ইয়াৰ উপৰিও উপগ্ৰহ ভিত্তিক পানী গৱেষণা, পানীৰ গুণাগুণ নিৰীক্ষণ, নদীৰ প্ৰবাহ বিশ্লেষণ, আৰু পানী সংৰক্ষণ প্ৰযুক্তিৰ বিকাশৰ বাবে জল শক্তি মন্ত্ৰালয় আৰু ইছৰোৰ মাজত এক গুৰুত্বপূৰ্ণ বুজাবুজি চুক্তি স্বাক্ষৰিত হয়।

কাৰ্যসূচীৰ আলোকপাত আছিল মহা অন ৱাটাৰ (মিছন ফৰ এডভান্সমেণ্ট ইন হাই-ইমপেক্ট এৰিয়াছ ফৰ ৱাটাৰ)ৰ শুভাৰম্ভ। এইটো জল শক্তি মন্ত্ৰালয় আৰু এএনআৰএফৰ যৌথ পদক্ষেপ। ইয়াৰ লক্ষ্য হৈছে জলসম্পদ ব্যৱস্থাপনা, খোৱাপানী, জলবায়ুৰ লগত খাপ খুৱাই লোৱা, আৰু পানী ব্যৱহাৰৰ দক্ষতা আদি অগ্ৰাধিকাৰ ক্ষেত্ৰসমূহত অত্যাধুনিক গৱেষণাক প্ৰসাৰ কৰা। এই পদক্ষেপৰ অধীনত গৱেষণাৰ প্ৰস্তাৱৰ বাবে মুকলি আহ্বান জনোৱা হৈছিল।

কেন্দ্ৰীয় জল শক্তি মন্ত্ৰী চি আৰ পাটিলে পানীক ভাৰতৰ সভ্যতাৰ ভেটি বুলি অভিহিত কৰি কয় যে জল জীৱন অভিযান দেশৰ উন্নয়ন যাত্ৰাৰ এক গুৰুত্বপূৰ্ণ স্তম্ভ। ৰাষ্ট্ৰীয় জল অভিযানৰ অধীনত সমগ্ৰ দেশতে ৩০০ৰো অধিক গৱেষণা ইউনিটক প্ৰচাৰ কৰা হৈছে, য’ত ১০০ৰো অধিক গৱেষণা ইউনিটে বিশেষ সহায় লাভ কৰিছে। জল সংৰক্ষণ অভিযান জল সঞ্চয়ৰ সাফল্যৰ কথা উল্লেখ কৰি তেওঁ কয় যে ২০২৫ চনৰ জুন মাহৰ পৰা আৰম্ভ হোৱা এই অভিযানৰ প্ৰথম বছৰত ১০ লাখ জল গঠনৰ লক্ষ্য আছিল যদিও জনসাধাৰণৰ অংশগ্ৰহণেৰে ২৭ লাখৰো অধিক কাঠামো নিৰ্মাণ কৰা হৈছিল। পৰৱৰ্তী পৰ্যায়ৰ বাবে নিৰ্ধাৰণ কৰা এক কোটি কাঠামোৰ লক্ষ্য নিৰ্ধাৰিত সময়ৰ আগতেই পূৰণ হৈছিল আৰু এতিয়া ইয়াক ২ কোটিলৈ বৃদ্ধি কৰা হৈছে।

তেওঁ সকলো নাগৰিকক জল সংৰক্ষণক গণ আন্দোলন হিচাপে গঢ়ি তুলিবলৈ আহ্বান জনাই কয় যে বৰ্তমান ২০টা ভিন্ন ডিজাইনৰ ওপৰত পানী সংৰক্ষণৰ কাম চলি আছে।

কৰ্মশালাত কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ ৰাজ্যিক মন্ত্ৰী ড০ জিতেন্দ্ৰ সিঙে উল্লেখ কৰে যে জল খণ্ডৰ গৱেষণা আৰু উন্নয়ন কেৱল চৰকাৰৰ দায়িত্বই নহয়, দেশৰ ভাগ-বতৰা দায়িত্বও, ব্যক্তিগত খণ্ডই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। ভাৰতৰ মহাকাশ অৰ্থনীতি দ্ৰুতগতিত বৃদ্ধি পাইছে আৰু আগন্তুক বছৰবোৰত ইয়াৰ বৃদ্ধিৰ সূচনা হৈছে। উপগ্ৰহ প্ৰযুক্তি এতিয়া জনকল্যাণমূলক আঁচনিসমূহত ব্যাপকভাৱে ব্যৱহাৰ কৰা হৈছে, আৰু ইছৰোৰ বিশেষজ্ঞতা অন্যান্য মন্ত্ৰালয়সমূহৰ বাবেও উপযোগী বুলি প্ৰমাণিত হৈছে। উপকূলীয় ৰাজ্যসমূহৰ খোৱাপানীৰ সংকট দূৰ কৰাৰ বাবে পৃথিৱী বিজ্ঞান মন্ত্ৰালয়ৰ সৈতে নতুন চুক্তি স্বাক্ষৰিত হ’ব, আনহাতে জল বিশুদ্ধকৰণৰ ক্ষেত্ৰত জৈৱ প্ৰযুক্তি আৰু চি এছ আই আৰৰ সৈতে যৌথ প্ৰকল্প চলি আছে।

কৰ্মশালাত অনুষ্ঠিত হোৱা কাৰিকৰী অধিবেশনৰ সময়ত গৱেষণা আৰু উন্নয়ন বিভাগে ১১৩টা সম্পূৰ্ণ অধ্যয়ন উপস্থাপন কৰে। ৰাষ্ট্ৰীয় জলবিজ্ঞান কাৰ্যসূচীৰ এক আভাস দিয়া হৈছিল, আৰু গাজীপুৰ লেণ্ডফিল ছাইটৰ বাবে লিচেট পৰিবহণ মডেলিং, জলাশয় ব্যৱস্থাপনা, আৰু কৃষিত পানীৰ ব্যৱহাৰ আদি বিষয়ৰ ওপৰত বৈজ্ঞানিক উপস্থাপন কৰা হৈছিল। কৃষক ভিত্তিক অধ্যয়ন আৰু পানী ব্যৱস্থাপনা কৌশলৰ বিষয়েও বিতংভাৱে আলোচনা কৰা হয়।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande