
ইম্ফল, ০১জুন (হি.স.)। মণিপুৰত বুজন পৰিমাণৰ অবৈধ মাৰণাস্ত্ৰ জব্দ।
অশান্ত জৰ্জৰ মণিপুৰত অবৈধ মাৰণাস্ত্ৰৰ বিৰুদ্ধে অভিযান চলাই নিৰাপত্তা বাহিনীয়ে বুজন পৰিমাণৰ অবৈধ মাৰণাস্ত্ৰ জব্দ কৰিছে। চূৰাচান্দপুৰ আৰু উখ্ৰল জিলাৰ ক্ৰমে থিংজাঙ আৰু আওলেন ভিলেজ এলেকাত অভিযান চলাই জব্দ কৰে মাৰণাস্ত্ৰ সমুহ।
অভিযান কালত ৪টা এছবিবিএল বন্দুক, মেগজিন সহ এটা একে ৪৭ ৰাইফল, ২টা এছবিএমএল বন্দুক,২টা চিংগল বেৰেল ৰাইফল,১টা মৰ্টাৰ,১টা বোমা, একে ৪৭ৰ ১০ টা সক্ৰিয় গুলি সহ বহুতো আপত্তিজনক সামগ্ৰী জব্দ কৰা হয়।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা