আজি মধ্যপ্ৰদেশৰ ৰাইজেনত আৰম্ভ হ’ব দেশজোৰা খেতি বচাওক অভিযান
ভূপাল, ০১ জুন (হি.স.)। কৃষকসকলক বৈজ্ঞানিক আৰু বহনক্ষম কৃষি পদ্ধতিৰ সৈতে সংযোগ কৰাৰ লক্ষ্যৰে কেন্দ্ৰীয় চৰকাৰৰ উদ্যোগত আজি দেশজোৰা খেতি বচাওক অভিযান আৰম্ভ কৰা হৈছে। মধ্যপ্ৰদেশৰ ৰাইজেন জিলাৰ ৰামছিয়া গাঁৱত আৰম্ভ হ’ব এমাহজোৰা এই অভিযান। কেন্দ্ৰীয়
शिवराज सिंह (एक्स पर वीडियो संदेश से ली गई तस्वीर)


ভূপাল, ০১ জুন (হি.স.)। কৃষকসকলক বৈজ্ঞানিক আৰু বহনক্ষম কৃষি পদ্ধতিৰ সৈতে সংযোগ কৰাৰ লক্ষ্যৰে কেন্দ্ৰীয় চৰকাৰৰ উদ্যোগত আজি দেশজোৰা খেতি বচাওক অভিযান আৰম্ভ কৰা হৈছে। মধ্যপ্ৰদেশৰ ৰাইজেন জিলাৰ ৰামছিয়া গাঁৱত আৰম্ভ হ’ব এমাহজোৰা এই অভিযান।

কেন্দ্ৰীয় কৃষি মন্ত্ৰী শিৱৰাজ সিং চৌহানে আৰম্ভ কৰা এই অভিযানৰ লক্ষ্য হৈছে কৃষকসকলক মাটিৰ স্বাস্থ্য উন্নত কৰা, সুষম সাৰ ব্যৱহাৰ, প্ৰাকৃতিক কৃষি, পানী সংৰক্ষণ, আৰু ভুৱা সাৰ আৰু বীজৰ পৰা সুৰক্ষাৰ বিষয়ে জ্ঞান দিয়া। এই অভিযানৰ সময়ত কৃষি বিজ্ঞানীসকলে দেশৰ বিভিন্ন গাঁৱলৈ গৈ কৃষকসকলক বহনক্ষম কৃষিৰ বিষয়ে জ্ঞান প্ৰদান কৰিব।

পথাৰত অনুষ্ঠিত হ’ব বৈজ্ঞানিক কৃষি প্ৰদৰ্শন

কেন্দ্ৰীয় কৃষি মন্ত্ৰী চৌহানে উল্লেখ কৰে যে কেৱল কৃষকক পৰামৰ্শ দিয়াটোৱেই যথেষ্ট নহয়। কৃষি বিজ্ঞানী আৰু বিষয়াসকলে ক্ষেত্ৰ পৰ্যায়ৰ প্ৰদৰ্শন, পৰীক্ষা, ব্যৱহাৰিক উদাহৰণৰ জৰিয়তে কৃষকৰ আস্থা লাভ কৰিব লাগিব। এই অভিযানৰ সময়ত বিজ্ঞানীসকলে কৃষকসকলক মাটি পৰীক্ষা, মাটিৰ স্বাস্থ্য কাৰ্ড, সেউজীয়া গোবৰৰ ব্যৱহাৰ, শস্য নিৰ্বাচন, কম বৰষুণৰ পৰিস্থিতিত বিকল্প খেতি, প্ৰাকৃতিক কৃষি কৌশল, পানী সংৰক্ষণৰ ব্যৱস্থা আদিৰ তথ্য প্ৰদান কৰিব।

ভুৱা সাৰ আৰু বীজ চিনাক্ত কৰণৰ বিষয়েও শিকোৱাৰ ব্যৱস্থা

‘খেতিি বচাও অভিযান’ৰ এটা গুৰুত্বপূৰ্ণ উদ্দেশ্য হৈছে কৃষকসকলক ভুৱা সাৰ, বীজ, আৰু কীটনাশকৰ পৰা ৰক্ষা কৰা। কৃষকসকলে সঠিক কৃষি সামগ্ৰী চিনাক্তকৰণ আৰু আৰ্থিক ক্ষতিৰ পৰা হাত সাৰিবলৈ প্ৰতিখন গাঁৱতে সজাগতা কাৰ্যসূচীৰ আয়োজন কৰা হ’ব।

আঁচনিৰ পৰা সুবিধাও প্ৰদান

এই অভিযানৰ সময়ত কৃষকসকলক বিভিন্ন চৰকাৰী আঁচনিৰ সৈতে সংযোগ কৰাত বিশেষ গুৰুত্ব দিয়া হ’ব। কিষাণ ক্ৰেডিট কাৰ্ড, প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি, শস্য বীমা আঁচনি, মাটি স্বাস্থ্য কাৰ্ড, মিনি বীজ কিট বিতৰণ, দালি আৰু তৈলবীজ অভিযান, আৰু কৃষি যান্ত্ৰিকীকৰণ আদি আঁচনিৰ তথ্য আৰু সুবিধাসমূহ যোগ্য কৃষকসকলৰ মাজত প্ৰচাৰ কৰা হ’ব।

কেন্দ্ৰীয় কৃষি মন্ত্ৰী চৌহানে এক্সত ভিডিঅ’ বাৰ্তাযোগে কৃষকসকলক কয় যে পৃথিৱীখনেই আমাৰ মাতৃ। এই পথাৰবোৰে আমাক খাদ্য, ফল-মূল, শাক-পাচলি, জীৱনৰ যোগান ধৰে। কিন্তু ৰাসায়নিক সাৰ আৰু কীটনাশকৰ ভাৰসাম্যহীন ব্যৱহাৰে ধাৰাবাহিকভাৱে পৃথিৱী মাতৃৰ উৰ্বৰতা হ্ৰাস কৰি আহিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আহ্বানৰ পিছতে দেশজুৰি ১ জুনৰ পৰা ৩০ জুনলৈ আৰম্ভ হ'ব খেতি বচাওক অভিযান।

এই অভিযানৰ অধীনত কৃষি বিজ্ঞানী, কৃষি বিশ্ববিদ্যালয়, কৃষি বিজ্ঞান কেন্দ্ৰৰ বিশেষজ্ঞ, কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিষয়া, জনপ্ৰতিনিধি, প্ৰগতিশীল কৃষকসকলে গাঁৱে গাঁৱে যাত্ৰা কৰি কৃষকসকলক সুষম সাৰ ব্যৱহাৰ, ভুৱা কীটনাশক চিনাক্তকৰণ, আৰু বিজ্ঞানসন্মত খেতিৰ বিষয়ে জ্ঞান প্ৰদান কৰিব। এই অভিযানত যোগদান কৰিবলৈ, বৈজ্ঞানিক পৰামৰ্শ অনুসৰি সাৰ ব্যৱহাৰ কৰিবলৈ, ক্ৰমান্বয়ে প্ৰাকৃতিক খেতিৰ দিশত আগবাঢ়ি যাবলৈ তেওঁলোকে সকলোকে আহ্বান জনাইছে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande