নাজিৰাৰ নামতিত বিধায়ক ময়ুৰ বৰগোঁহাইক বিশেষ সম্বৰ্ধনা
শিৱসাগৰ, ০১ জুন (হি.স.)। শিৱসাগৰ জিলাৰ নাজিৰা বিধানসভা সমষ্টিৰ নৱ নিৰ্বাচিত বিধায়ক ময়ূৰ বৰগোহাঁইক নামতি দল প্ৰেক্ষাগৃহত বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰা হৈছে । ভাৰতীয় জনতা পাৰ্টীৰ আমগুৰি মণ্ডলৰ উদ্যোগত বিধায়ক ময়ূৰ বৰগোহাঁইক অভিনন্দন অনুষ্ঠান অনুষ্ঠ
নাজিৰাৰ নামতিত বিধায়ক ময়ুৰ বৰগোঁহাইক বিশেষ সম্বৰ্ধনা


শিৱসাগৰ, ০১ জুন (হি.স.)। শিৱসাগৰ জিলাৰ নাজিৰা বিধানসভা সমষ্টিৰ নৱ নিৰ্বাচিত বিধায়ক ময়ূৰ বৰগোহাঁইক নামতি দল প্ৰেক্ষাগৃহত বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰা হৈছে ।

ভাৰতীয় জনতা পাৰ্টীৰ আমগুৰি মণ্ডলৰ উদ্যোগত বিধায়ক ময়ূৰ বৰগোহাঁইক অভিনন্দন অনুষ্ঠান অনুষ্ঠিত কৰে ।

বিজেপিৰ আমগুৰি মণ্ডলৰ সভাপতি পংকজ গায়নৰ পৌৰোহিত্যত অনুষ্ঠিত হোৱা উক্ত অনুষ্ঠানটোত দলীয় কাৰ্যকৰ্তা আৰু প্ৰায় শতাধিক অনুষ্ঠান - প্ৰতিষ্ঠানৰ লগতে শুভাকাংক্ষী ৰাইজে বিধায়ক গৰাকীক সম্বৰ্ধনা জ্ঞাপন কৰে ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande