তিতাবৰ মহকুমা অসামৰিক চিকিৎসালয় পৰিদৰ্শন কৰে বিধায়ক ধীৰাজ গোৱালাই
যোৰহাট, ০১ জুন (হি.স.)। তিতাবৰ মহকুমা অসামৰিক চিকিৎসালয় পৰিদৰ্শন কৰে বিধায়ক ধীৰাজ গোৱালাই। তিতাবৰ মহকুমা অসামৰিক চিকিৎসালয়ত নিশা পৰিদৰ্শন কৰি চিকিৎসালয়ৰ পৰিবেশ দেখি হতবাক হৈ পৰে বিধায়ক গৰাকী। চিকিৎসালয়ৰ যি কদৰ্যময় পৰিবেশ সেই পৰিবেশ দেখি হতবাক হয় ব
তিতাবৰ মহকুমা অসামৰিক চিকিৎসালয় পৰিদৰ্শন কৰে বিধায়ক ধীৰাজ গোৱালাই


যোৰহাট, ০১ জুন (হি.স.)। তিতাবৰ মহকুমা অসামৰিক চিকিৎসালয় পৰিদৰ্শন কৰে বিধায়ক ধীৰাজ গোৱালাই। তিতাবৰ মহকুমা অসামৰিক চিকিৎসালয়ত নিশা পৰিদৰ্শন কৰি চিকিৎসালয়ৰ পৰিবেশ দেখি হতবাক হৈ পৰে বিধায়ক গৰাকী। চিকিৎসালয়ৰ যি কদৰ্যময় পৰিবেশ সেই পৰিবেশ দেখি হতবাক হয় বিধায়ক গৰাকী।

অতি শীঘ্ৰে তিতাবৰ মহকুমা চিকিৎসালয় খনৰ যি কদৰ্যময় পৰিবেশ এই পৰিবেশ দূৰ কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰিব বুলি বিধায়ক গৰাকীয়ে উপস্থিত সাংবাদিকক অবগত কৰে। চিকিৎসালয়ত থকা ৰোগীৰ খবৰ লোৱাৰ লগতে ৰোগী সকলক উপযুক্ত চিকিৎসাৰ লগতে প্ৰয়োজনীয় ঔষধ চিকিৎসালয়ে যোগান ধৰিছে নাই তাৰো খবৰ লয় বিধায়ক গৰাকীয়।

অন্যহাতে তিতাবৰ সমষ্টিৰ অন্তৰ্গত বৰহোলা স্বাস্থ্য কেন্দ্ৰত নিশা হলে চিকিৎসকে সুৰা পান কৰি ৰোগীৰ চিকিৎসা কৰাৰ অভিযোগ আনে এম্বুলেন্সৰ চালকে । বৰহোলা স্বাস্থ্য কেন্দ্ৰত নিশা চিকিৎসকে সুৰাপান কৰি চিকিৎসা কৰিব নোৱাৰাৰ বাবেই বৰহোলা অঞ্চলৰ ৰোগীৰ তিতাবৰ চিকিৎসালয়লৈ আনিব লাগে বুলি বিধায়ক ধীৰাজ গোৱালাক অভিযোগ এম্বুলেন্স চালকৰ। যদি প্ৰকৃততে বৰহোলা স্বাস্থ্য কেন্দ্ৰত নিশা চিকিৎসকে সুৰাপান কৰি চিকিৎসা প্ৰদান কৰে সেই চিকিৎসকৰ ওপৰত ব্যৱস্থা লোৱা হব বুলি কয় বিধায়ক ধীৰাজ গোৱালাই।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande