অসমৰ মাজুলী দ্বীপত ৪ হাজাৰ বছৰ পুৰণি গছ-গছনিৰ ইতিহাস আৱিষ্কাৰ
নতুন দিল্লী, ০১ জুন (হি.স.)। অসমৰ বিশ্বৰ সৰ্ববৃহৎ নদী দ্বীপ মাজুলী দ্বীপত ৪ হাজাৰ বছৰীয়া জলবায়ু আৰু গছ-গছনিৰ ইতিহাস উন্মোচিত হৈছে। গৱেষণা চলোৱা বিজ্ঞানীসকলৰ মতে, এই অধ্যয়নে বানপানী আৰু জলবায়ু পৰিৱৰ্তনৰ ফলত ক্ষতিগ্ৰস্ত অঞ্চলসমূহৰ বাবে ভৱিষ্যতে অ
बम


নতুন দিল্লী, ০১ জুন (হি.স.)। অসমৰ বিশ্বৰ সৰ্ববৃহৎ নদী দ্বীপ মাজুলী দ্বীপত ৪ হাজাৰ বছৰীয়া জলবায়ু আৰু গছ-গছনিৰ ইতিহাস উন্মোচিত হৈছে। গৱেষণা চলোৱা বিজ্ঞানীসকলৰ মতে, এই অধ্যয়নে বানপানী আৰু জলবায়ু পৰিৱৰ্তনৰ ফলত ক্ষতিগ্ৰস্ত অঞ্চলসমূহৰ বাবে ভৱিষ্যতে অভিযোজন কৌশল প্ৰস্তুত কৰাত সহায়ক হ’ব।

লক্ষ্ণৌস্থিত বীৰবল সাহনী ইনষ্টিটিউট অৱ পেলিঅ’ছায়েন্সেছৰ বিজ্ঞানীসকলে মাজুলীৰ সকালি জলাশয়ৰ পৰা ১৫০ চেণ্টিমিটাৰ দ পলসৰ নমুনা সংগ্ৰহ কৰি অধ্যয়ন কৰিছিল। গৱেষকসকলে পৰেগ আৰু মাটিৰ কণা বিশ্লেষণ কৰি দ্বীপটোৰ পৰিৱেশ ইতিহাস পুনৰ নিৰ্মাণ কৰিছিল।

অধ্যয়ন অনুসৰি প্ৰায় ৪০৪০ৰ পৰা ২২৬০ বছৰ আগতে মাজুলী অঞ্চলত উষ্ণ, আৰ্দ্ৰ জলবায়ু আৰু ঘন অৰণ্য আছিল। ইয়াৰ পিছত বাৰিষা আৰু বানপানীৰ ধৰণত কেইবাটাও পৰিৱৰ্তন ঘটিছিল। এই অঞ্চলত ১১০০ৰ পৰা ৫০০ বছৰৰ ভিতৰত তুলনামূলকভাৱে আৰ্দ্ৰ সময় আছিল, আনহাতে বিগত ৫০০ বছৰত উষ্ণতা আৰু বৰষুণৰ পৰিমাণ হ্ৰাস পাইছে।

বিজ্ঞানীসকলে জানিব পাৰিছে যে শেহতীয়া শতিকাবোৰত মানুহৰ কাৰ্যকলাপৰ প্ৰভাৱ বৃদ্ধি পাইছে, যাৰ ফলত প্ৰাকৃতিক গছ-গছনিৰ পৰিৱৰ্তন ঘটিছে। এই অধ্যয়নত এই কথাও প্ৰকাশ পাইছে যে মাজুলীত বিগত সময়ত অসংখ্য জলবায়ু পৰিৱৰ্তন আৰু প্ৰাকৃতিক প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে।

ব্ৰহ্মপুত্ৰ আৰু সুবনশিৰি নদীৰ মাজত অৱস্থিত মাজুলী বছৰ বছৰ ধৰি বানপানী আৰু নদীৰ খহনীয়াৰ সন্মুখীন হৈ আহিছে। এই গৱেষণাই অঞ্চলটোৰ জলবায়ু, বানপানী, আৰু পৰিৱেশ পৰিৱৰ্তন বুজি পোৱাত, আৰু ভৱিষ্যতে দুৰ্যোগ ব্যৱস্থাপনা আৰু সংৰক্ষণ নীতিৰ উন্নতিৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে।

বিজ্ঞানীসকলৰ মতে এই অধ্যয়ন উচ্চ ব্ৰহ্মপুত্ৰ উপত্যকাৰ জলবায়ুৰ ইতিহাস বুজিবলৈ এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি। জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱৰ সৈতে মোকাবিলা কৰিবলৈ দীৰ্ঘম্যাদী পৰিকল্পনা প্ৰস্তুত কৰাত সহায় কৰিব। আৰ্য্য পাণ্ডে (ডিএছটি-ইন্সপায়াৰ এছআৰএফ DST-INSPIRE SRF) আৰু বীৰবল সাহনী ইনষ্টিটিউট অৱ পেলিঅ’ছায়েন্সেছ (বিএছআইপি)ৰ বিজ্ঞানী-ই (তত্বাৱধায়ক) ড০ স্বতী ত্ৰিপাঠীৰ নেতৃত্বত। ড০ সাধন কুমাৰ বসুমতাৰী (বি এছ আই পি), ড০ ছলমান খান (জাৰ্মানী), ড০ হেমা সিং (বি এইচ ইউ), ড০ বিশ্বজিৎ ঠাকুৰ (বি এছ আই পি), আৰু ড০ অনুপম শৰ্মা (বি এছ আই পি) আদিয়েও এই অধ্যয়নত অৰিহণা যোগাইছে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande