নগাঁৱৰ দিশৰ পৰা তীব্ৰ বেগত অহা এএছ ০২এভি ১২০১ নম্বৰৰ টিয়াগ' বাহনখনে মহতিয়াই নিয়ে টেম্প খনক।
নগাঁৱ, ০১ জুন (হি.স.)। পথ দুৰ্ঘটনাৰ হটস্পটত পৰিণত হৈছে কলিয়াবৰ তিনিআলি। টাটা টিয়াগ'' বাহনে মহতিয়াই নিলে অটো টেম্প'। গুৰুতৰ ভাৱে আহত টেম্প'' খনৰ চালক বৰঘূলিৰ ৰফিকুল ইছলাম। নগাঁৱৰ দিশৰ পৰা তীব্ৰ বেগত অহা এএছ ০২এভি ১২০১ নম্বৰৰ টিয়াগ'' বাহনখনে মহত
নগাঁৱৰ দিশৰ পৰা তীব্ৰ বেগত অহা এএছ ০২এভি ১২০১ নম্বৰৰ টিয়াগ' বাহনখনে মহতিয়াই নিয়ে টেম্প খনক।


নগাঁৱ, ০১ জুন (হি.স.)। পথ দুৰ্ঘটনাৰ হটস্পটত পৰিণত হৈছে কলিয়াবৰ তিনিআলি। টাটা টিয়াগ' বাহনে মহতিয়াই নিলে অটো টেম্প'। গুৰুতৰ ভাৱে আহত টেম্প' খনৰ চালক বৰঘূলিৰ ৰফিকুল ইছলাম। নগাঁৱৰ দিশৰ পৰা তীব্ৰ বেগত অহা এএছ ০২এভি ১২০১ নম্বৰৰ টিয়াগ' বাহনখনে মহতিয়াই নিয়ে টেম্প খনক।

আহত টেম্প' চালক জনক ততাতৈয়াকৈ জখলাবন্ধা চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও উন্নত চিকিৎসাৰ বাবে তেজপুৰলৈ প্ৰেৰণ কৰা হয়। উল্লেখ্য যে, সোমবাৰে পুৱাৰ পৰা তিনিটাকৈ সৰু-বৰ দুৰ্ঘটনা হোৱাৰ লগতে চলিত সপ্তাহত কেইবাটাও পথ দুৰ্ঘটনা হৈছে কলিয়াবৰ তিনিআলিত। কলিয়াবৰ তিনিআলিত নিৰ্মিয়মান ফ্লাইঅ'ভাৰৰ নিৰ্মাণকাৰ্য লেহেমীয়া হোৱাৰ লগতে সঠিকভাৱে চাৰ্ভিচ ৰ'ডৰ নিৰ্মাণ নোহোৱাৰ ফলতে তিনিআলিত দুৰ্ঘটনা বৃদ্ধি পোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande