


মৰিগাঁও, ০১জুন (হি.স.)। নিশা জাগীৰোডৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত আৰক্ষীৰ তালাচিত ২৫ টা চোৰাং ম’হ উদ্ধাৰ। নেলী আৰক্ষীয়ে উদ্ধাৰ কৰে ম’হ কেইটা। জব্দ এএছ ২৭চি-৬৫৬৪ নম্বৰৰ এখন ট্ৰাক। নুমলীগড়ৰ পৰা যোৰাবাট অভিমুখী আছিল ম’হ ভৰ্তি ট্ৰাকখন। নেলী আৰক্ষীয়ে আটক কৰে ট্ৰাক চালক আৰু হেণ্ডিমেনক।
আটকাধীন চালক নগাঁও ৰূপহীহাটৰ মুকচিদুল হ’ক। হেণ্ডিমেন নগাঁৱৰ ননৈৰ দীপমনি বনিয়াও আৰক্ষীৰ জালত।
হিন্দুস্থান সমাচাৰ / Narayan Kar