পথ দুৰ্ঘটনাত এজন লোক নিহত হোৱাৰ পিছতে জাগীৰোডৰ শিলভঙাত সৃষ্টি উত্তপ্ত পৰিস্থিতিৰ
মৰিগাঁও, ০১ জুন (হি.স.)। পথ দুৰ্ঘটনাত এজন লোক নিহত হোৱাৰ পিছতে জাগীৰোডৰ শিলভঙাত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ ৷ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনা ৰোধৰ কোনো ব্যৱস্থা নথকাৰ বাবেই দৈনিক পথ দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷ পথত কোনো ডিভাইডাৰ নথ
পথ দুৰ্ঘটনাত এজন লোক নিহত হোৱাৰ পিছতে জাগীৰোডৰ শিলভঙাত সৃষ্টি উত্তপ্ত পৰিস্থিতিৰ


মৰিগাঁও, ০১ জুন (হি.স.)। পথ দুৰ্ঘটনাত এজন লোক নিহত হোৱাৰ পিছতে জাগীৰোডৰ শিলভঙাত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ ৷ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনা ৰোধৰ কোনো ব্যৱস্থা নথকাৰ বাবেই দৈনিক পথ দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷ পথত কোনো ডিভাইডাৰ নথকাৰ বাবেই যধেমধে পথ অতিক্ৰম কৰিবলৈ গৈ মৃত্যুমুখত পৰে বহু লোক ৷

আনহাতে দুখনকৈ উৰণ সেতুৰ পৰা তীব্ৰবেগত নামি অহা বাহন সমূহে প্ৰায়ে উক্ত স্থানত সংঘটিত কৰে দুৰ্ঘটনা ৷ সোমবাৰে পুৱাৰ ভাগতো বিষ্ণু দেউৰী নামৰ টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পত কৰ্মৰত এজন লোকে তীব্ৰবেগী বাহনৰ খুন্দাত থিতাতে নিহত হোৱাৰ পিছতে ৰাজপথলৈ ওলাই আহিছে স্থানীয় লোক ৷ পৰৱৰ্তী সময়ত জাগীৰোড সমজিলাৰ আৰক্ষী অধীক্ষক, জাগীৰোড আৰক্ষী আৰু নাগৰিক সমিতিৰ বিষয়ববীয়া সকল উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনে ৷ যিকোনো প্ৰকাৰে ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈ থকা পথ দুৰ্ঘটনা ৰোধ কৰিবলৈ আৰক্ষী প্ৰশাসনক দাবী জনায় স্থানীয় লোকে ৷

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande