স্বাধীনতা দিৱসৰ দিনা ছামোয়ালৈ জয়শংকৰৰ শুভেচ্ছা জ্ঞাপন
নতুন দিল্লী, ০১ জুন (হি.স.)। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে ছামোৱাৰ স্বাধীনতা দিৱস উপলক্ষে দেশখনৰ চৰকাৰ আৰু জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰে। তেওঁৰ বাৰ্তাত বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে কয় যে, “আজি ছামোয়া চৰকাৰ আৰু জনসাধাৰণক তেওঁলোকৰ স্বাধী
विदेश मंत्री एस. जयशंकर (फाइल फोटो)।


নতুন দিল্লী, ০১ জুন (হি.স.)। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে ছামোৱাৰ স্বাধীনতা দিৱস উপলক্ষে দেশখনৰ চৰকাৰ আৰু জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰে। তেওঁৰ বাৰ্তাত বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে কয় যে, “আজি ছামোয়া চৰকাৰ আৰু জনসাধাৰণক তেওঁলোকৰ স্বাধীনতা দিৱসত আন্তৰিক শুভেচ্ছা জনাইছো।”

জয়শংকৰৰ এই বাৰ্তাই ভাৰত আৰু ছামোয়াৰ মাজত বন্ধুত্বপূৰ্ণ সম্পৰ্ক আৰু পাৰস্পৰিক সহযোগিতা আৰু অধিক শক্তিশালী কৰাৰ মনোভাৱ প্ৰতিফলিত কৰিছে। মন কৰিবলগীয়া যে ছামোয়াই প্ৰতি বছৰে ১ জুনত স্বাধীনতা দিৱস পালন কৰে। এই দিৱস ১৯৬২ চনৰ দেশখনৰ স্বাধীনতাৰ স্মৃতিত পালন কৰা হয়।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande