
নতুন দিল্লী, ০১ জুন (হি.স.)। ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালে আজি পুৱা ইয়াত ম্যানমাৰৰ ৰাষ্ট্ৰপতি উ মিন আং হ্লাইঙৰ সৈতে সাক্ষাৎ কৰে।
ম্যানমাৰৰ ৰাষ্ট্ৰপতিগৰাকীয়ে শনিবাৰে ভাৰত ভ্ৰমণৰ বাবে বোধগয়াত উপস্থিত হৈ সেইদিনা সন্ধিয়া বোধগয়াৰ মহাবোধী মন্দিৰ আৰু সুজাতা মন্দিৰ পৰিদৰ্শন কৰি নতুন দিল্লীলৈ উভতি আহে। শনিবাৰে সন্ধিয়া বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে তেওঁৰ সৈতে সাক্ষাৎ কৰে। দেওবাৰে তেওঁ ভাৰত-ম্যানমাৰ ব্যৱসায়িক মঞ্চৰ বৈঠকত অংশগ্ৰহণ কৰে।
সোমবাৰে হায়দৰাবাদ হাউচত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সৈতে দ্বিপাক্ষিক বৈঠকৰ পূৰ্বে ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টাগৰাকীয়ে ম্যানমাৰৰ ৰাষ্ট্ৰপতিৰ সৈতে বৈঠকত মিলিত হয়। বুজা গৈছে যে ভাৰত-ম্যানমাৰ সীমান্তৰ নিৰাপত্তা পৰিস্থিতি আৰু বিদ্ৰোহী কাৰ্যকলাপৰ দৰে বিষয়ৰ লগতে ভাৰতৰ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ ওপৰত প্ৰভাৱ পেলোৱা অশান্ত অঞ্চলত মণিপুৰ আৰু মিজোৰামত আশ্ৰয় বিচৰা বৃহৎ সংখ্যক চিন জনজাতীয় লোকৰ বিষয়ে আলোচনা কৰা হৈছিল।
শেহতীয়াকৈ উত্তৰ-পূবৰ উগ্ৰপন্থীক ড্ৰ’ন প্ৰশিক্ষণ দিবলৈ অহা বিদেশী নাগৰিকক গ্ৰেপ্তাৰ কৰাৰ পিছত ম্যানমাৰ চৰকাৰৰ সৈতে এই আলোচনা অত্যন্ত গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে ।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া