অসমৰ ভিতৰত প্ৰথমটো আগৰৰ উদ্যোগ স্হাপন হৱ গোলাঘাট জিলাত
গোলাঘাট, ০১ জুন (হি.স.)। ৰাজ্যৰ লাখ লাখ নিৱনুৱাৰ বাবে আহিছে এক আশাৰ বতৰা। বিশেষকৈ সাচি গছৰ ব্যৱসায়ৰ লগত জড়িত সকলৰ বাবে আনন্দৰ খৱৰ। অতি শীঘ্ৰে অসমৰ ভিতৰত প্ৰথমটো আগৰৰ উদ্যোগ স্হাপন হৱ গোলাঘাট জিলাত। চমুকৈ ডোনাৰ (DONER) মন্ত্ৰালয়ৰ উদ্যোগত নেৰামেক
অসমৰ ভিতৰত প্ৰথমটো আগৰৰ উদ্যোগ স্হাপন হৱ গোলাঘাট জিলাত


গোলাঘাট, ০১ জুন (হি.স.)। ৰাজ্যৰ লাখ লাখ নিৱনুৱাৰ বাবে আহিছে এক আশাৰ বতৰা। বিশেষকৈ সাচি গছৰ ব্যৱসায়ৰ লগত জড়িত সকলৰ বাবে আনন্দৰ খৱৰ। অতি শীঘ্ৰে অসমৰ ভিতৰত প্ৰথমটো আগৰৰ উদ্যোগ স্হাপন হৱ গোলাঘাট জিলাত।

চমুকৈ ডোনাৰ (DONER) মন্ত্ৰালয়ৰ উদ্যোগত নেৰামেক নামৰ প্ৰতিষ্ঠানৰ সহযোগত পাইলট প্ৰজেক্ট হিচাপে ৬৪ কোটি টকা ব্যয়ৰে নিৰ্মান হব

আগৰৰ উদ্যোগটো। যত প্ৰত্যক্ষ ভাবে ৭০০০ নিৱনুৱা জড়িত হৱ পাৰিব।

ইফালে প্ৰজেক্টটো নিয়োজিত কৰিবলৈ শিক্ষিত যুৱকসকলক কাৰিকৰী ভাবে এবছৰীয়া বিশেষ প্ৰশিক্ষণ দি নিয়োজিত কৰিব সমগ্ৰ প্ৰজেক্টটোত। যাৰ শুভৰাম্ভ কৰে সোমবাৰে গোলাঘাটত।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande