
ধেমাজী, ০১জুন (হি.স.)। পুনৰ বৃদ্ধি পালে বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্য ।
প্ৰতিটো গেছ চিলিণ্ডাৰত ৫৪ টকাকৈ মুল্যবৃদ্ধি।
আনহাতে গোগামুখত তীব্ৰ নাটনি প্ৰকট গেছ চিলিণ্ডাৰৰ। ঘৰুৱা গেছ চিলিণ্ডাৰৰ সংকটৰ বাবেও ত্ৰাহি মধুশোধন দেখিছে সাধাৰণ জনতাই।
উৎকট গৰমতো পুৱাৰ পৰা দীঘলীয়া শাৰী গোগামুখৰ সোৱনশিৰি গেছ এজেঞ্চিৰ সন্মুখত।
বাণিজ্যিক গেছ চিলিণ্ডাৰৰ অকল্পনীয় মুল্যবৃদ্ধিত বিমোৰত পৰিছে হোটেল কৰ্তৃপক্ষ।
উপায়ন্তৰ হৈ দাম বৃদ্ধি কৰিব লগা হৈছে চাহ ,পৰঠাৰ পৰা ধৰি মিঠাইলৈকে।
গোগামুখৰ কেইবাখনো হোটেলত এতিয়া ১০ টকীয়া চাহ একাপৰ দাম ১৫ টকা,কালাকনৰ দাম ২০ টকা,৩০ টকীয়া পৰঠাৰ দাম ৪০ টকালৈ বৃদ্ধি। গাখীৰেৰে প্ৰস্তুত মিঠাইৰ দাম ১০ টকাৰ পৰা ১৫ টকালৈ বৃদ্ধি।
দাম বৃদ্ধিৰ ফলস্বৰূপে তেনেই সেৰেঙা গ্ৰাহকৰ সংখ্যা।
একপ্ৰকাৰ মুল্যবৃদ্ধিত বিধ্বস্ত ক্ষুদ্ৰ ব্যৱসায়ীকে ধৰি সাধাৰণ জনতা।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা