মে’ মাহত জি এছ টিৰ ৰাজহ সংগ্ৰহ ৩.২ শতাংশ বৃদ্ধি পাই ১.৯৪ লাখ কোটি টকা অতিক্ৰম
নতুন দিল্লী, ০১ জুন (হি.স.)। ভাৰতৰ সামগ্ৰী আৰু সেৱা কৰ (জি এছ টি) সংগ্ৰহ বৃদ্ধি পাইছে। মে’ মাহত জি এছ টিৰ ৰাজহ সংগ্ৰহ ৩.২ শতাংশ বৃদ্ধি পাই ১.৯৪ লাখ কোটি টকাৰ ওপৰত হয়। যোৱা বছৰৰ মে’ মাহত মুঠ জিএছটি সংগ্ৰহৰ পৰিমাণ আছিল ১.৮৮ লাখ কোটি টকা। জি এছ টি স
जीएसटी राजस्व संग्रह के लोगो का प्रतीकात्मक चित्र


নতুন দিল্লী, ০১ জুন (হি.স.)। ভাৰতৰ সামগ্ৰী আৰু সেৱা কৰ (জি এছ টি) সংগ্ৰহ বৃদ্ধি পাইছে। মে’ মাহত জি এছ টিৰ ৰাজহ সংগ্ৰহ ৩.২ শতাংশ বৃদ্ধি পাই ১.৯৪ লাখ কোটি টকাৰ ওপৰত হয়। যোৱা বছৰৰ মে’ মাহত মুঠ জিএছটি সংগ্ৰহৰ পৰিমাণ আছিল ১.৮৮ লাখ কোটি টকা।

জি এছ টি সঞ্চালকালয়ে সোমবাৰে তথ্য প্ৰকাশ কৰি কয় যে জি এছ টি ৰাজহ সংগ্ৰহৰ এই বৃদ্ধিৰ কাৰণ হৈছে সামগ্ৰী আৰু সেৱাৰ যোগান উন্নত হোৱাৰ লগতে আমদানি কৰ সংগ্ৰহৰ ধাৰাবাহিক বৃদ্ধি। তথ্য অনুসৰি মে’ মাহৰ ভিতৰত ঘৰুৱা লেনদেনৰ পৰা কেন্দ্ৰীয় জিএছটি (চিজিএছটি) সংগ্ৰহ ৩৭,৩৯৭ কোটি, ৰাজ্যিক জিএছটি (এছজিএছটি) সংগ্ৰহ ৪৫,১৪৩ কোটি, আৰু সংহত জিএছটি (আইজিএছটি) সংগ্ৰহ ৫১,৯৯০ কোটি ₹।

তথ্য অনুসৰি এই সময়ছোৱাত কৰযোগ্য সামগ্ৰীৰ যোগান ২৬.৯ শতাংশ বৃদ্ধি পাইছে, যিয়ে ঘৰুৱা চাহিদাক প্ৰতিফলিত কৰিছে। সেৱা খণ্ডৰ এই বৃদ্ধি ২২.২ শতাংশ, যিয়ে ঘৰুৱা ব্যৱহাৰৰ শক্তিক প্ৰতিফলিত কৰে। একেদৰে মে’ মাহত আমদানিৰ পৰা আইজিএছটিৰ সংগ্ৰহ ১৯.১ শতাংশ বৃদ্ধি পাই ৫৯,৬৫৪ কোটি ₹ হৈছে, যিয়ে ঔদ্যোগিক ক্ষমতা সম্প্ৰসাৰণৰ ইংগিত দিয়ে।

তদুপৰি এই সময়ছোৱাত জি এছ টি ৰিফাণ্ড ২.৬ শতাংশ বৃদ্ধি পাই ২৭,২৮১ কোটি ₹ হৈছে। ৰিফাণ্ডৰ বাবে সামঞ্জস্য স্থাপন কৰাৰ পিছত মে’ মাহত জি এছ টিৰ নিকা ৰাজহ সংগ্ৰহ ৩.৩ শতাংশ বৃদ্ধি পাই প্ৰায় ১.৬৭ লাখ কোটি ₹ হয়। ইয়াৰ পূৰ্বে এপ্ৰিল মাহত জি এছ টিৰ ৰাজহ সংগ্ৰহ ৮.৭ শতাংশ বৃদ্ধি পাই সৰ্বকালৰ সৰ্বোচ্চ ২.৪৩ লাখ কোটি ₹ হৈছিল।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande