
নতুন দিল্লী, ০১ জুন (হি.স.)। কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে সোমবাৰে অন্ধ্ৰ প্ৰদেশৰ ৮,৫১২ কিলোমিটাৰ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ গুণগত মান আৰু ৰক্ষণাবেক্ষণৰ পৰ্যালোচনা কৰে। সংবাদ মাধ্যম আৰু ছ’চিয়েল মিডিয়াৰ প্ৰতিক্ৰিয়াৰ ভিত্তিত এই পৰ্যালোচনা কৰা হৈছিল।
মন্ত্ৰালয়ে উল্লেখ কৰে যে সোমবাৰে ইয়াত অনুষ্ঠিত হোৱা বৈঠকত কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ ৰাজ্য মন্ত্ৰী হৰ্ষ মালহোত্ৰা, ভাৰতৰ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ, পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ৰ উচ্চপদস্থ বিষয়া আৰু প্ৰকল্পৰ ঠিকাদাৰ উপস্থিত থাকে।
গাডকাৰীয়ে সময়মতে ৰূপায়ণ, কঠোৰ গুণগত মান মানি চলা, আধুনিক নিৰ্মাণ কৌশল গ্ৰহণৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। তেওঁ কয় যে ইয়াৰ ফলত ঘাইপথৰ আয়ুস বৃদ্ধি পাব, সংযোগৰ সুবিধা হ’ব, অৰ্থনৈতিক উন্নয়ন বৃদ্ধি পাব, আৰু যাত্ৰীৰ সুবিধা নিশ্চিত হ’ব।
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে বৰষুণৰ সময়ত যাতায়তৰ ব্যাঘাত কম কৰিবলৈ আৰু পথৰ সুৰক্ষা আৰু বহনক্ষমতা নিশ্চিত কৰিবলৈ প্ৰতিৰোধমূলক ব্যৱস্থা, ফলপ্ৰসূ নিষ্কাশন ব্যৱস্থাপনা, আৰু শক্তিশালী সঁহাৰি ব্যৱস্থাকে ধৰি বাৰিষাৰ বিস্তৃত প্ৰস্তুতি ৰূপায়ণ কৰিবলৈও বিষয়াসকলক নিৰ্দেশ দিয়ে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া