বোকাখাত ধনশিৰিমুখৰ ফেৰীঘাট আজি পুনৰ আনুষ্ঠানিক ভাৱে মুকলি
গোলাঘাট, ০১ জুন (হি.স.)। যিটো ঘাটেৰে ফেৰীত উঠি জয়মতী বোলছবিত অভিনয় কৰিবৰ বাবে আইদেউ সন্দিকৈ তেজপুৰলৈ গৈছিল সেইটোৱেই হৈছে ধনশিৰিমুখ ফেৰী ঘাট । বোকাখাতৰ ধনশিৰিমুখৰ ফেৰী ঘাটেদি ১৯৩৫ চনত গমিৰি ঘাটলৈ গৈছিল বোলছবিৰ প্ৰথমগৰাকী অভিনেত্ৰী আইদেউ সন্দিকৈ ।
বোকাখাত ধনশিৰিমুখৰ ফেৰীঘাট আজি পুনৰ আনুষ্ঠানিক ভাৱে মুকলি


গোলাঘাট, ০১ জুন (হি.স.)। যিটো ঘাটেৰে ফেৰীত উঠি জয়মতী বোলছবিত অভিনয় কৰিবৰ বাবে আইদেউ সন্দিকৈ তেজপুৰলৈ গৈছিল সেইটোৱেই হৈছে ধনশিৰিমুখ ফেৰী ঘাট । বোকাখাতৰ ধনশিৰিমুখৰ ফেৰী ঘাটেদি ১৯৩৫ চনত গমিৰি ঘাটলৈ গৈছিল বোলছবিৰ প্ৰথমগৰাকী অভিনেত্ৰী আইদেউ সন্দিকৈ । বোকাখাত ধনশিৰিমুখৰ উক্ত ফেৰীঘাট আজি পুনৰ আনুষ্ঠানিক ভাৱে মুকলি কৰা হয় ।

বোকাখাত সমজিলাৰ জল পৰিবহণ বিভাগৰ বিষয়াৰ উপস্থিতিত মুকলি কৰা হয় ধনশিৰিমুখ গমিৰিঘাট ফেৰী সেৱা । এই ঘাটেৰে যাত্ৰা কৰিলে বোকাখাতৰ পৰা গমিৰি ঘাটলৈ সময় লাগিব মাত্ৰ এক ঘন্টা । এই জলপথেৰে যাত্ৰা কৰিলে সময় আৰু যাতায়তৰ খৰছ একেবাৰে কম হোৱাৰ উপৰিও কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ নৈসৰ্গিক শোভা উপভোগ কৰিব পাৰে যাত্ৰী সকলে । প্ৰতিদিনে পুৱা ৯.৩০ বজাত ধনশিৰিমুখৰ ঘাটৰ পৰা যাত্ৰা আৰম্ভ কৰিব আৰু বিয়লি ২.৩০ বজাত গমিৰি ঘাটৰ পৰা ঘূৰি আহিব বুলি জানিব দিছে ঘাট পৰিচালনা সমিতিৰ বিষয়ববীয়াই । উক্ত ঘাটটো চলিত বৰ্ষত মিচিং স্বায়ত্ব শাসিত পৰিষদৰ তত্বাৱধানত পৰিচালিত হ'ব ৷

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande