জামনগৰত আলহী হৈ পৰিল ড’নাল্ড ট্ৰাম্পৰ কন্যা আৰু জোঁৱাই
জামনগৰ, ০১ জুন (হি.স.)। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ কন্যা টিফানী ট্ৰাম্প আৰু তেওঁৰ স্বামী মাইকেল ব’লছ বিশেষ বিমানেৰে গুজৰাটৰ জামনগৰ বিমানবন্দৰত উপস্থিত হয় । তেওঁলোকৰ আগমনৰ বাবে বিমানবন্দৰৰ পৰা মতিখাৱদীৰ ৰিলায়েন্স কেম্পাছলৈকে কটকটীয়া নিৰ
अमेरिका के राष्ट्रपति डोनाल्ड ट्रंप की बेटी टिफनी ट्रंप और उनके पति माइकल बोलोस


জামনগৰ, ০১ জুন (হি.স.)। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ কন্যা টিফানী ট্ৰাম্প আৰু তেওঁৰ স্বামী মাইকেল ব’লছ বিশেষ বিমানেৰে গুজৰাটৰ জামনগৰ বিমানবন্দৰত উপস্থিত হয় । তেওঁলোকৰ আগমনৰ বাবে বিমানবন্দৰৰ পৰা মতিখাৱদীৰ ৰিলায়েন্স কেম্পাছলৈকে কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছিল।

তেওঁলোকে বিশ্ববিখ্যাত বন্যপ্ৰাণী আৰু পশু সংৰক্ষণ কেন্দ্ৰ বনতৰা পৰিদৰ্শন কৰা বুলি জানিব পৰা গৈছে। টিফানী ট্ৰাম্প আৰু মাইকেল বৌলছৰ ভ্ৰমণৰ বাবে জামনগৰ আৰক্ষীকে ধৰি বিভিন্ন কেন্দ্ৰীয় নিৰাপত্তা সংস্থা সষ্টম হৈ আছিল। তেওঁলোকৰ কনভয়ত আছিল অত্যাধুনিক বুলেটপ্ৰুফ বাহন, পাইলট জীপ, বিশেষ আৰক্ষীৰ এস্কৰ্ট বাহন। ভিভিআইপিৰ নিৰাপদ গতিবিধি নিশ্চিত কৰিবলৈ বিমানবন্দৰৰ পৰা মতিখাৱদীলৈ যোৱা সমগ্ৰ পথটোত ব্যাপক বেৰিকেডিং স্থাপন কৰা হৈছিল। কনভয় পাৰ হোৱাৰ সময়তো কিছু সময়ৰ বাবে স্বাভাৱিক যাতায়ত বন্ধ হৈ পৰে, যাৰ ফলত খাম্ভলীয়া পথত যান-জঁটৰ সৃষ্টি হয়।

টিফানী ট্ৰাম্প আৰু মাইকেল ব’লছে ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজে স্থাপন কৰা বন্যপ্ৰাণী সংৰক্ষণ আৰু পুনৰ্বাসন কেন্দ্ৰ “বনতৰা” ভ্ৰমণ কৰিব। তেওঁলোকে ভাৰত আৰু বিদেশৰ বিভিন্ন বিৰল প্ৰজাতিৰ প্ৰাণী আৰু চৰাই পৰ্যবেক্ষণ কৰিব আৰু বন্যপ্ৰাণী সংৰক্ষণ, পুনৰ্বাসন, আৰু আধুনিক চিকিৎসা সুবিধাৰ সৈতে জড়িত বিশ্বব্যাপী ব্যৱস্থাৰ বিশেষজ্ঞৰ পৰা তথ্য লাভ কৰিব।

ইফালে টিফানী ট্ৰাম্পে ভাৰত ভ্ৰমণৰ কেইবাখনো ফটো আৰু ভিডিঅ’ও নিজৰ অফিচিয়েল ইনষ্টাগ্ৰাম আৰু এক্স একাউণ্টত শ্বেয়াৰ কৰিছে, যিবোৰ ছ’চিয়েল মিডিয়াত দ্ৰুতগতিত ভাইৰেল হৈ পৰিছে। পোষ্টসমূহত তেওঁ ভাৰতৰ চহকী সংস্কৃতি, ঐতিহ্য, আৰু আতিথ্যক মুকলিকৈ প্ৰশংসা কৰিছে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande