
হোজাই, ০১ জুন (হি.স.)। লামডিঙত চাঞ্চল্যকৰ ঘটনা। আজি পুৱা ৰেল নগৰী লামডিঙত আৰক্ষীয়ে পুনৰ সফলতা লাভ কৰিলে। কোলকাতা আৰক্ষী আৰু লামডিং আৰক্ষীয়ে গোপন অভিযান চলাইছিল। কোলকাতা আৰক্ষী আৰু লামডিং আৰক্ষীয়ে ভাস্কৰ শইকীয়াৰ সহায়ত দোষীক গ্ৰেপ্তাৰ কৰাত সফলতা লাভ কৰে ।
সূত্ৰৰ পৰা জানিব পৰা অনুসৰি, কোলকাতা পূৰ্বা জাদৱপুৰ থানাৰ পৰা অসমৰ লামডিঙত উপস্থিত হয় কোলকাতা আৰক্ষীয়ে। কোলকাতা আৰক্ষীয়ে লামডিং অফিচাৰৰ কলনী এক ভাৰা ঘৰৰ পৰা দোষী সিবাতোষ দেৱ ৰায় নামৰ এজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ভাৰা ঘৰৰ মালিকৰ নাম দুলাল শৰ্মা । জানিব পৰা মতে, দোষী সিবাতোষ দেৱ ৰায় কলকাতাৰ বহু লোকৰ সৈতে ধন দাবী আৰু চাইবাৰ অপৰাধ সংঘটিত কৰা জড়িত হ’ব পাৰে। দোষী সিবাতোষ দেৱ ৰায়। বৰ্তমান কোলকাতাৰ আৰক্ষী তদন্ত অব্যাহত ৰাখিছে ৷
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ