ছয়গাওঁত আৰক্ষীৰ গুলীত আহত শিশু ধৰ্ষণকাৰী আক্কাশ আলী
কামৰূপ, ০১ জুন (হি.স.)। পলাশবাৰী আৰক্ষী থানাৰ পৰা তদন্তৰ বাবে ছয়গাঁৱলৈ লৈ আহি থকা অৱস্থাত নিশা ২ বজাত আৰক্ষীৰ হাতৰ পৰা পিষ্টল কাঢ়ি আৰক্ষীলৈ লক্ষ্য কৰি এক জাই গুলী নিক্ষেপ কৰিছিল শিশু ধৰ্ষণকাৰী আক্কাশ আলী । সৌভাগ্যক্ৰমে গুলী আৰক্ষীৰ বাহনত লাগিছিল
ছয়গাওঁত আৰক্ষীৰ গুলীত আহত শিশু ধৰ্ষণকাৰী আক্কাশ আলী


কামৰূপ, ০১ জুন (হি.স.)। পলাশবাৰী আৰক্ষী থানাৰ পৰা তদন্তৰ বাবে ছয়গাঁৱলৈ লৈ আহি থকা অৱস্থাত নিশা ২ বজাত আৰক্ষীৰ হাতৰ পৰা পিষ্টল কাঢ়ি আৰক্ষীলৈ লক্ষ্য কৰি এক জাই গুলী নিক্ষেপ কৰিছিল শিশু ধৰ্ষণকাৰী আক্কাশ আলী । সৌভাগ্যক্ৰমে গুলী আৰক্ষীৰ বাহনত লাগিছিল ।

ধৰ্ষণকাৰী আক্কাশ আলীয়ে গুলি ফুটাইয়ে পলাবলৈ চেষ্টা কৰোঁতে আৰক্ষীয়ে খেদি খেদি অপৰাধী জনৰ আগ ভৰিলৈ লক্ষ্য কৰি গুলী কৰাত বাগৰি পৰে আক্কাশ আলী ।

সম্প্ৰতি চিকিৎসাধীন অৱস্থাত আছে আক্কাশ আলী ।

কামৰূপৰ জেষ্ঠ আৰক্ষী অধীক্ষক শুভাশীষ বৰুৱাই সংবাদ মেল সম্বোধন কৰি এই বিষয়ে উল্লেখ কৰে ।

- দক্ষিণ কামৰূপৰ ছয়গাঁও আৰক্ষী থানাত কামৰূপ জিলাৰ জেষ্ঠ আৰক্ষী অধীক্ষক শুভাশীষ বৰুৱাৰ সংবাদ মেল ।

ছয়গাঁৱৰ নতুন কাৱৈমাৰীত সংঘটিত হোৱা শিশু ধৰ্ষণকাৰী আক্কাশ আলীক সোমবাৰে নিশা এনকাউণ্টাৰ কৰা সন্দৰ্ভত এই সংবাদ মেল ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande