চিবিএছই পৰ্টেলৰ আজি নহ’ল লাইভ, অতি সোনকালে আনুষ্ঠানিক ঘোষণা
নতুন দিল্লী, ০১ জুন (হি.স.)। কেন্দ্ৰীয় মাধ্যমিক শিক্ষা ব’ৰ্ড চমুকৈ চিবিএছইৰ সোমবাৰে লাইভ হ’বলগীয়া নম্বৰৰ পৰীক্ষণ আৰু উত্তৰবহীৰ পুনৰ মূল্যায়নৰ বাবে অনলাইন পৰ্টেল মুকলি কৰাৰ দিন এতিয়া পিছুৱাই দিছে । চিবিএছইয়ে নিজৰ অফিচিয়েল একাউণ্টৰ জৰিয়তে জনা
प्रतीकात्मक चित्र


নতুন দিল্লী, ০১ জুন (হি.স.)। কেন্দ্ৰীয় মাধ্যমিক শিক্ষা ব’ৰ্ড চমুকৈ চিবিএছইৰ সোমবাৰে লাইভ হ’বলগীয়া নম্বৰৰ পৰীক্ষণ আৰু উত্তৰবহীৰ পুনৰ মূল্যায়নৰ বাবে অনলাইন পৰ্টেল মুকলি কৰাৰ দিন এতিয়া পিছুৱাই দিছে ।

চিবিএছইয়ে নিজৰ অফিচিয়েল একাউণ্টৰ জৰিয়তে জনাইছে যে দশম আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে অফিচিয়েল অনলাইন পৰ্টেল অতি সোনকালে লাইভ হ’ব, ইয়াৰ আনুষ্ঠানিক জাননী অতি সোনকালে চিবিএছইৰ মূল ৱেবছাইটত প্ৰকাশ কৰা হ’ব।

পূৰ্বে ২৬ মে’ত লাইভ হ’বলগীয়া অনলাইন পৰ্টেলটো কাৰিকৰী ত্ৰুটিৰ বাবে ১ জুনলৈ বৃদ্ধি কৰা হৈছিল যদিও আন কাৰণত আজিও উপলব্ধ নহয়।

উল্লেখযোগ্য যে চিবিএছইয়ে ব’ৰ্ড পৰীক্ষাৰ নম্বৰত অসন্তুষ্ট ছাত্ৰ-ছাত্ৰীক উত্তৰ বহী পুনৰ পৰীক্ষা কৰাৰ সুযোগ প্ৰদান কৰিছে। এই প্ৰক্ৰিয়াত মূলতঃ তিনিটা পৰ্যায় জড়িত থাকিব: নম্বৰৰ পৰীক্ষণ, মূল্যায়ন পত্ৰৰ ফটোকপি কৰা, আৰু পুনৰ মূল্যায়ন।

हिन्दुस्थान समाचार / Manoj Kumar Saikia


 rajesh pande