
নতুন দিল্লী, ০১ জুন (হি.স.)। আজিৰ আগতীয়া ব্যৱসায়ৰ সময়ত ঘৰুৱা অলংকাৰ বজাৰত সামান্য অৱনমন হোৱা দেখা গৈছে। মূল্য হ্ৰাস পোৱাৰ বাবে ৰাষ্ট্ৰীয় অলংকাৰ বজাৰত ২৪ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১,৫৭,০৩০ টকাৰ পৰা ১,৫৯,৫৯০ টকাৰ ভিতৰত ব্যৱসায় কৰা হৈছে। ইফালে ২২ কেৰেটৰ সোণৰ বিক্ৰী প্ৰতি ১০ গ্ৰামত ১,৪৩,৯৪০ টকাৰ পৰা ১,৪৬,২৯০ টকাৰ ভিতৰত বিক্ৰী হৈছে। একেদৰে ৰূপৰ দাম সামান্য হ্ৰাস পোৱাৰ বাবে এই চিকচিকিয়া ধাতু আজি দিল্লীৰ অলংকাৰ বজাৰত প্ৰতি কিলোগ্ৰাম ২,৭৯,৯০০ ₹ ত বিক্ৰী হৈছে।
দিল্লীত আজি ২৪ কেৰেটৰ সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১,৫৭,১৮০ টকা, আনহাতে ২২ কেৰেটৰ সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১,৪৪,০৯০ টকা। দেশৰ বিত্তীয় ৰাজধানী মুম্বাইত ২৪ কেৰেটৰ সোণ ১০ গ্ৰামত ১,৫৭,০৩০ টকা আৰু ২২ কেৰেটৰ সোণৰ প্ৰতি ১০ গ্ৰাম ১,৪৩,৯৪০ টকাত বিক্ৰী হৈছে। একেদৰে আহমেদাবাদত ২৪ কেৰেট সোণৰ খুচুৰা মূল্য প্ৰতি ১০ গ্ৰামত ১,৫৭,০৮০ টকা আৰু ২২ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামত ১,৪৩,৯৯০ টকা ।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া